Python rescued at Bagamati: ওদালগুৰিৰ দেউচুঙা বগামাটিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ - Python rescued at Bagamati
🎬 Watch Now: Feature Video


Published : Nov 14, 2023, 10:13 PM IST
ওদালগুৰি, 14 নৱেম্বৰ : বন গাহৰি, বাঘৰ পিচত এইবাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী দেউচুঙা বগামাটিত অজগৰ উদ্ধাৰ ৷ ওদালগুৰি জিলাৰ দেউচুঙা বগামাটি পথৰ দাঁতিৰ পৰা উদ্ধাৰ কৰে অজগৰডাল ৷ জানিব পৰা মতে মঙলবাৰে দিনৰ ভাগত স্থানীয় ৰাইজে বগামাটি পথৰ দাঁতিত অজগৰডাল প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে ৷
ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় বৰনদী অভয়াৰণ্যৰ বন বিভাগৰ লোক ৷ ৰাইজৰ সহযোগত এছ এছ বি আৰু বনবিভাগৰ লোকে উদ্ধাৰ কৰে অজগৰডাল ৷ উদ্ধাৰ কৰা অজগৰডাল প্ৰায় 5 মিটাৰ দীঘল আৰু ওজন প্ৰায় 1 কুইণ্টল হোৱা বুলি জানিবলৈ দিছে বন বিভাগৰ লোকে । উদ্ধাৰ কৰা অজগৰডাল বৰনদী অভয়াৰণ্যৰ এটা পুখুৰীত মুকলি কৰি দিয়া হয় ৷
ইফালে ৰাইজৰ অভিযোগ অনুসৰি, বৰনদী অভয়াৰণ্যৰ পৰা বন্য জন্তু ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰে ৷ কেতিয়াবা যদি বন গাহৰি, কেতিয়াবা বাঘ জনাঞ্চলত প্ৰৱেশ কৰে সন্ত্ৰাস সৃষ্টি কৰে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷
লগতে পঢ়ক:Bornadi Wildlife Sanctuary : বন ধ্বংস কৰি হাগ্ৰামাৰ পাতিলে চাহ বাগিচা: ৰঞ্জিত বসুমতাৰী