বন্য জন্তুৰ পৰা সুৰক্ষা বিচাৰি কলিয়াবৰত বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ - কলিয়াবৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 2:22 PM IST

কলিয়াবৰ, 31 ডিচেম্বৰ : বছৰৰ অন্তিমটো দিনত প্ৰতিবাদত কঁপিল কাজিৰঙা বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয় ৷ উল্লেখ্য যে, কলিয়াবৰৰ বিভিন্ন স্থানত নিতৌ বন্য জন্তুৱে সন্ত্ৰাস চলাই আহিছে ৷ কলিয়াবৰৰ বিভিন্ন জনাঞ্চলত বনৰীয়া ম'হ, হাতী, গাহৰিৰ মুক্ত বিচৰণে বিপদ মাতিছে জনসাধাৰণলৈ । তাৰ বিপৰীতে বন্য জন্তুৰ পৰা জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে বন বিভাগ ।

সেয়ে, দেওবাৰে বনবিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শেহতীয়াকৈ হাতী, ম’হৰ সৈতে মানুহৰ সংঘাত বৃদ্ধি পাইছে কলিয়াবৰত । দুদিন পূৰ্বে বনৰীয়া ম’হৰ আক্ৰমণত মৃত্যু হৈছিল কলিয়াবৰ ফুলগুৰিৰ ক্ষেমৰাজ থাপা ছেত্ৰী নামৰ এজন লোকৰ । তদুপৰি, দুসপ্তাহ পূৰ্বে বনৰীয়া হাতীৰ আক্ৰমণত ৰাঙলুত মৃত্যু হৈছিল এজন লোকৰ । সেয়ে বন্যজন্তু আৰু মানুহৰ সংঘাত ৰোধ কৰাত ব্যৰ্থ বনবিভাগৰ বিৰুদ্ধে বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ত প্ৰতিবাদত বহিল শতাধিক ৰাইজ ।

লগতে পঢ়ক : কলিয়াবৰত বনৰীয়া ম'হৰ উপদ্ৰৱে বিপাঙত পেলাইছে ৰাইজক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.