Protest in Manikpur:পথ মেৰামতি নহ'লে ভোট বৰ্জনৰ হুংকাৰ ক্ষুব্ধ ৰাইজৰ - পথ মেৰামতি নহলে ভোট বৰ্জনৰ হুংকাৰ ক্ষুব্ধ ৰাইজৰ
🎬 Watch Now: Feature Video

মাণিকপুৰ, ১ জুলাই: বঙাইগাঁও জিলাৰ অভয়াপুৰী উত্তৰ সমষ্টিৰ অন্তৰ্গত নাম্বাৰপাৰা-বাংলাপাৰা-সংযোগী পথটোৰ বাবে দুৰ্ভোগ ভুগিছে হাজাৰ হাজাৰ পথচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে । ইয়াৰ পূৰ্বে এই পথটো মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰিছিল যদিও বিগত তিনিবছৰ ধৰি যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে ।
বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ পথটো বিধ্বস্ত হোৱাত যোগাযোগ বিছিন্ন হৈ পৰিছে । এই পথটো মেৰামতিৰ ক্ষেত্ৰত চৰকাৰ-প্ৰসাশনৰ লগতে বিধায়ক আব্দুল বাতিন খন্দকাৰ আৰু সাংসদ আব্দুল খালেকে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে । পথ মেৰামতিৰ ক্ষেত্ৰত সাংসদ-বিধায়কে গুৰুত্ব নিদিয়াত তেওঁলোকৰ প্ৰবেশ নিষিদ্ধ কৰিলে ৰাইজে । ৰাইজে শীঘ্ৰেই এই পথটো মেৰামতি কৰিবলৈ দাবী জনাইছে । অন্যথা ক্ষুব্ধ ৰাইজে ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে ।
লগতে পঢ়ক:Methanol export process started in Assam: আজিৰে পৰা ভূটান, নেপাল আৰু বাংলাদেশলৈ ৰপ্তানি হ’ব মিথানল