Poor road construction : পথ নিৰ্মাণৰ দাবীত মৰিয়নী সমষ্টিত প্ৰতিবাদী কাৰ্যসূচী - পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী
🎬 Watch Now: Feature Video


Published : Oct 16, 2023, 1:52 PM IST
আমগুৰি, 16 অক্টোবৰ: মৰিয়নী সমষ্টিৰ চেলেংহাটত পথ নিৰ্মাণ আৰু মেৰামতিৰ দাবীত সোমবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চেলেংহাট আঞ্চলিক সমিতিৰ সহযোগত পদূমণি চাৰিআলি সমীপত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ভুক্তভোগী ৰাইজে । ধোদৰ আলিৰ পৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বৈছাহাবি-হাঁহচৰা সংযোগী পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীৰ বিৰুদ্ধে স্থানীয় লোকসকল তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।
চেলেংহাট, পদূমণি, জাপিসজীয়া অঞ্চলৰ অৰ্দ্ধ-শতাধিক পুৰুষ মহিলাই ৰাজপথলৈ ওলাই আহি বিধায়ক ৰূপজ্যোতি কূৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, যোৰহাট জিলা লোক নিৰ্মাণ বিভাগৰ চূড়ান্ত হেমাহিৰ বাবে বৈছাহাবি-হাঁহচৰা সংযোগী পথ দিনক দিনে বিধ্বস্ত হৈ পৰিছে । পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবেই বহু সৰু-বৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে বহুকেইজনৰ প্ৰাণহানি পৰ্যন্ত হৈছে বুলি স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰে ।