Protest at Bihpuria : নাৰায়ণপুৰৰ হৰিদাসত পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ - হৰিদাসত পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
বিহপুৰীয়া, 27 জুলাই : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হৰিদাসবাসী ৰাইজৰ দুখ-দুৰ্দশাই কোলাই পাচিৰে নধৰা হৈছে ৷ সম্প্ৰতি বনপূৰৈ জামুগুৰিৰ পৰা হৰিদাস হৈ হাৱাজান সংযোগী গুৰুত্বপূৰ্ণ পথটিয়ে ৰাইজক জ্বলা-কলা খুৱাই আহিছে ৷ পথটি বোকা পানীৰে ভৰি পৰাত ৰাইজে মৰণত শৰণ দি যাতায়াত অব্যাহত ৰাখিছে ৷ আজি অৰ্থাৎ বৃহস্পতিবাৰে অঞ্চলটোৰ ৰাইজে পথ নিৰ্মাণৰ দাবীত পথটিলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে ৰাইজে আমাৰ পথ নিৰ্মাণ কৰক, ৰাইজৰ সমস্যা সমাধান কৰক আদি বিভিন্ন শ্ল'গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷
উল্লেখ্য যে, উক্ত পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দীৰ্ঘ দিন ধৰি ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ লগতে স্থানীয় ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ৷ আনকি পথটোৰ এই দুৰৱস্থাৰ বাবে বিভিন্ন সময়ত পথছোৱাত কেবাটাও দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ পথছোৱা অতি শীঘ্ৰে মেৰামতি নকৰিলে আগন্তুক সময়ত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা কৰিছে গাঁৱৰ ৰাইজে ৷
ৰাইজৰ অভিযোগ, বিগত সময়ত জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষক পথটি নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ আবেদন, নিবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো সুফল হে লাভ নকৰিলে অঞ্চলটোৰ ৰাইজে ৷ সেয়ে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীক বিশেষ নজৰ দিবলৈ আহ্বান জনাইছে অঞ্চলবাসীয়ে ৷
লগতে পঢ়ক : Bodoland University: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ ৰাজ্যপালৰ