thumbnail

Public protest in Jamuguri :বিদ্যুতৰ সঘন লুকাভাকু,অতিষ্ঠ ৰাইজৰ জামুগুৰি বিদুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও

By

Published : Aug 21, 2023, 8:02 PM IST

চতিয়া, ২১আগষ্ট: বুমেৰাং হ'ল অসম চৰকাৰৰ ২৪ ঘন্টাই বিদ্যুত যোগানৰ শ্ল'গান । উৎকত গৰমত ঘন্টাৰ পিছত ঘন্টা ধৰি বিদ্যুত যোগান ব্যাহত হোৱাত সোমবাৰে ৰাইজে জামুগুৰি বিদুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে । এফালে বিদুৎৰ বৰ্ধিত মূল্যবৃদ্ধিৰ প্ৰকোপ আৰু আনফালে সঘনাই তীব্ৰ নাটনিৰ ফলত দিশহাৰা হৈছে সৰ্ব সাধাৰণ উপভোক্তা ।

২৪ ঘন্টাৰ ভিতৰত ২৪ মিনিটো ভালকৈ নথকা, সাধাৰণ এজাক বৰষুণতে বিদুৎ কৰ্তন, অনিয়মীয়া বিদুৎ সৰবৰাহৰ ফলত অতিষ্ঠ হৈ আজি ধলাইবিল পদ্মপুৰ গাঁৱৰ শতাধিক পুৰুষ মহিলাই জামুগুৰি বিদুৎ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ বিভাগৰ এছ ডি অ'সহ বিদুৎ কৰ্মচাৰীসকলক জবাবদিহি কৰে । ৰাইজে তীব্ৰ বিষোদগাৰ কৰাৰ লগতে বিদ্যুত যোগান নিয়মীয়া নকৰিলে অনাগত দিনত তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰিব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক:Mahapurush Haridev 598th birth anniversary: বহৰি সত্ৰত মহাপুৰুষ হৰিদেৱৰ ৫৯৮ সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱ পালন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.