Pathetic road condition: কলিয়াবৰত নিৰ্মাণৰ পিচতেই বিধ্বস্ত হ’ল পথ - Road collapses after construction in Kaliabor

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 26, 2023, 11:15 AM IST

কলিয়াবৰ, ২৬ মাৰ্চ: কলিয়াবৰৰ মিছাৰ পৰা নপানী সংযোগী ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে (Irregularities in road construction at Kakiabor)। উল্লেখ্য় যে, ২০২২ চনৰ ছেপ্তেম্বৰতেই মিছাৰ পৰা নপানীলৈ যোৱা পথছোৱাৰ মেৰামতিৰ কাম আৰাম্ভ হৈছিল । এই পথছোৱা নিৰ্মাণৰ বাবে ২ কোটি ৪২ লাখ ৬২ হাজাৰ ২৭৩ টকা আৱন্টন কৰিছিল সংশ্লিষ্ট বিভাগে । জনৈক মুজামিল হক নামৰ ঠিকাদাৰজনে লাভ কৰিছিল ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ পুনৰ নিৰ্মাণৰ কাম ।

এই পথছোৱাৰ নিৰ্মাণ অতি নিম্নমানৰ হোৱা বাবেই এতিয়া হাতেৰে চুলেই বিতুমিনৰ তৰপ উঠি যায় (Road collapses after construction in Kaliabor)। আনহাতে, পথচোৱা নিৰ্মাণত ব্যবহাৰ কৰা মাটি পথৰ কাষতে নলা কৰি উঠোৱাৰ অভিযোগ উত্থাপিত হৈছে । ইয়াৰ ফলতে হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰা এজন লোকৰ নলাত পৰি মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । দুৰ্নীতিগ্ৰস্ত এই ঠিকাদাৰজনক চৰকাৰে ব্লেক লিষ্ট কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকে । 

লগতে পঢ়ক: Rahul Gandhis disqualification: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক চৰকাৰৰ ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা হিমাচলৰ মুখ্যমন্ত্ৰীৰ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.