thumbnail

By

Published : Jun 26, 2023, 7:17 PM IST

ETV Bharat / Videos

Dilapidated road in Mariani:মৰিয়নিত পথতেই কঠিয়া সিঁচি বিধায়কক পহুখেদাৰ হুংকাৰ

যোৰহাট, ২৬ জুন: চৰকাৰে যিমানেই উন্নয়নৰ ঢাক-ঢোল বজাইছে তাৰ বিপৰীত ছৱি ফুটি উঠিছে শাসকীয় দল তথা ৰূপজ্যোতি কুৰ্মী নিজা সমষ্টি মৰিয়নিত । বিধায়ক ৰূপজ‍্যোতি কুৰ্মীৰ সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপে উদঙাইছে উন্নয়নৰ এক জীয়া ছৱিয়ে । মৰিয়নিৰ নতুন মাটি জংঘলব্লক মূলপথটো পথ নে পথাৰ ধৰিবই নোৱৰি বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । বাট -পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগি আহিছে সাধাৰণ ৰাইজে । মৰিয়নি সীমান্তৰ এইখন গাঁৱৰ পথটোৰ দুৰৱস্থাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিছে স্থানীয় ৰাইজ আৰু ছাত্র-ছাত্ৰীসকলে । সেয়ে পথৰ ওপৰতে কঠিয়া সিঁচি অভিনৱ প্ৰতিবাদ কৰিলে গাঁওখনৰ ৰাইজে ।  

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এইসকল ৰাইজৰ মাথো ক্ষোভ আৰু ক্ষোভৰ বহিঃপ্ৰকাশ । পথ আৰু পথাৰ একাকাৰ হৈ পৰা এইটো হৈছে মৰিয়নিৰ সীমান্তৰ নতুন মাটি জংঘলব্লক মূল পথ । যান-বাহনতো দুৰৈৰে কথা, খোজ কাঢ়ি যাতায়াত কৰাতো দুৰ্বিষহ হৈ পৰিছে অঞ্চলবাসীৰ বাবে । ইফালে, পথ নিৰ্মাণৰ ক্ষেত্ৰত শীঘ্ৰে যদি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পদক্ষেপ গ্ৰহণ নকৰে তেতিয়া হ'লে অনাগত সময়ত উক্ত গাঁৱৰ ৰাইজে বিধায়কক আধাবাটৰ পৰাই খেদাৰ হুংকাৰ দিছে ক্ষুব্ধ ৰাইজে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজকে সম্ৰাট বুলি ভাবিবলৈ আৰম্ভ কৰিছে; অখিল গগৈৰ কটাক্ষ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.