Protest in Tamulpur: তামুলপুৰত অতিৰিক্ত বোজা কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য বন্ধ কৰাৰ দাবী - ডাম্পাৰৰ দৌৰাত্ম্য বন্ধ কৰাৰ দাবী
🎬 Watch Now: Feature Video


Published : Sep 25, 2023, 3:31 PM IST
বাক্সা, ২৫ ছেপ্টেম্বৰঃ তামুলপুৰৰ কুমাৰীকাটা-কাউলী নাগ্ৰিজুলী পথত অত্যাধিক বোজা কঢ়িয়াই নীতি বহিৰ্ভূতভাৱে দিনে নিশাই চলাচল কৰা ডাম্পাৰ বন্ধ কৰাৰ দাবীত কাউলীৰ ৰাজপথত ওলাই আহি শ শ ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । এই পথটোৰ বহন ক্ষমতাতকৈ ডাম্পাৰত অধিক শিল-বালিৰ বোজা কঢ়িয়াই নিয়াৰ ফলত গ্ৰাম্য পথটো ঠায়ে ঠায়ে ভাঙি যোৱাৰ লগতে কালভাৰ্ট সমূহত সৃষ্টি হৈছে গাঁত ।
এই পথটোৰে অহা যোৱা কৰা ডাম্পাৰসমূহৰ ওপৰত তিৰপাল আঁৰি নোলোৱাৰ ফলত বহুবাৰ ডাম্পাৰৰ পৰা শিল পৰি আঘাতপ্ৰাপ্ত হ'ব লগা হৈছে একাংশ ৰাইজ । একাংশ শিল বালি মহলৰ পৰা নিতৌ দিনে নিশাই নীতি বহিৰ্ভূতভাৱে চলাচল কৰা ডাম্পাৰৰ গতি বন্ধ কৰাৰ দাবীত "অভাৰ লোডিং ডাম্পাৰৰ চলাচল বন্ধ কৰক, ডাম্পাৰ মালিক সন্থা হুঁচিয়াৰ, আমাৰ দাবী মানিবই লাগিব " আদি শ্লোগান দিয়াৰ লগতে পথটোৰে অহা ডাম্পাৰসমূহ ঘূৰাই পঠিয়াই । তামুলপুৰ প্ৰশাসন তথা বন বিভাগৰ লোকক অতি শীঘ্ৰেই বিহীত ব্যবস্থা ল'বলৈ অনুৰোধ জনাইছে প্ৰতিবাদী ৰাইজে । ডাম্পাৰ মালিক সন্থাই ৰাইজৰ দাবী মানি নললে আন্দোলন তীব্রতৰ কৰাৰ হুংকাৰ ।