Illegal Cattle Smuggling: ধুবুৰীত ৰাষ্ট্ৰীয় ঘাইপথত মাছ কঢ়িওৱা বাহনত ওলাল চোৰাংভাৱে সৰবৰাহ কৰা গৰু

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 9:46 AM IST

thumbnail

ধুবুৰী, ২১ ছেপ্টেম্বৰ : ধুবুৰীত অব্যাহত চোৰাংভাৱে গৰু সৰবৰাহ কৰা কাৰ্য । আনকি চোৰাং গৰু সৰবৰাহকাৰীয়ে প্ৰতিদিনে ন ন কৌশল অৱলম্বন কৰি অব্যাহত ৰাখিছে চোৰাংভাৱে গৰু সৰবৰাহ কৰি আহিছে । বুধবাৰে ধুবুৰীৰ পশ্চিম ৰতিয়াদাহ গাঁৱৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দৃশ্যমান হ’ল এনে এক ঘটনা ৷

প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, বুধবাৰে ধুবুৰীৰ পশ্চিম ৰতিয়াদাহ গাঁৱৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ আছিল WB ৭১ A ৭৮৯৬ নম্বৰৰ এখন মাছ কঢ়িওৱা এখন বাহন ৷ হঠাৎ বাহনখনৰ পিচফালৰ এটা চকা বিকল হৈ পৰে ৷ তেনে সময়ত প্ৰত্যক্ষদৰ্শীয়ে বাহনখনৰ কাষ চাপি যায় ৷ তেতিয়াই ওলাই পৰে উৰহী গছৰ ওৰ ৷ মাছৰ সলনি বাহনখনত ওলাল গৰুহে ৷

এটা বা দুটা হয়, মুঠ ১০ টাকৈ চোৰাংভাৱে গৰু সৰবৰাহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ তাৰ পাচতে উপস্থিত ৰাইজে গোলকগঞ্জ আৰক্ষীক খবৰ দিয়ে । খবৰ লাভ কৰিয়েই গোলকগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গৰু কেইটা উদ্ধাৰ কৰে যদিও গৰু সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Anti national activities: দেশ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত আটক নগাঁৱৰ যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.