Erosion in Majuli:মাজুলীৰ খেৰকটীয়া নদীৰ খহনীয়া প্ৰতিৰোধৰ দাবীত ধৰ্ণা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 24, 2023, 4:31 PM IST

মাজুলী, ২৪ জুলাই: ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে সত্ৰ নগৰী মাজুলীৰ জেংৰাইমুখত খেৰকটীয়া নদীৰ খহনীয়া অব্যাহত আছে । খেৰকটীয়া নদীৰ তীব্ৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে জেংৰাইমুখৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ । এই খহনীয়া স্থানৰ পৰা জেংৰাইমুখৰ ব্যৱসায়িক স্থানলৈ মাজত মাথো ৫০ মিটাৰ । জলসম্পদ বিভাগে জিঅ'বেগ আৰু আৰ চি চি পাৰ্কুপাইনেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে যদিও খহনীয়া ৰোধত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ।

এই খহনীয়াৰ স্থায়ী সুৰক্ষাৰ দাবীত প্ৰতিকূল বতৰকো নেওচি বৃহত্তৰ জেংৰাইমুখ অঞ্চলবাসীয়ে আজি  প্ৰতিবাদ সাব্য়স্ত কৰে । খহনীয়াগ্ৰস্ত ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ জনায় । প্ৰতিবাদস্থলীত জলসম্পদৰ বিভাগৰ বিষয়াক জৱাবদিহি কৰিলে প্ৰতিবাদকাৰী ৰাইজে । প্ৰতিবাদকাৰী সকলে অতি সোনকালে এই খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় ।

লগতে পঢ়ক:Harassment of students: ‘‘গাত দোষ নাই; বলি হ’ল গভীৰ ষড়যন্ত্ৰৰ’’; গ্ৰেপ্তাৰৰ পিচত মন্তব্য হেমন্ত শৰ্মাৰ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.