Public audit committee of legislative assembly:নলবাৰীত বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ আঁচনি পৰ্যবেক্ষণ - বিধায়ক আফতাবুদ্দিন মোল্লা
🎬 Watch Now: Feature Video
Published : Sep 23, 2023, 8:09 PM IST
নলবাৰী, ২৩ ছেপ্টেম্বৰ: নলবাৰীত শনিবাৰে উপস্থিত হয় অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ দল । বিধায়ক চক্ৰধৰ গগৈৰ নেতৃত্বত দলটোৱে চলাইছে চৰকাৰী আঁচনি ৰূপায়ণৰ পৰ্যবেক্ষণ । নলবাৰী জিলাত চৰকাৰী আঁচনি সমূহ কাগজে- কলমে সম্পন্ন কৰাই পঞ্চায়ত প্ৰতিনিধি সমূহে চৰকাৰৰ কল্যাণকামী আঁচনিবোৰ সূচাৰুৰূপে সম্পন্ন কৰিছে নে নাই তাৰ এক পৰীক্ষণ চলাই এই দলটোৱে ।
এই দলটোত আছে বিধায়ক মনোৰঞ্জন তালুকদাৰ, বিধায়ক এ কে ৰছিদ, বিধায়ক আফতাবুদ্দিন মোল্লা আৰু বিধায়ক জাকিৰ হুছেইন লস্কৰ । তেওঁলোকে নলবাৰীৰ প্ৰতিখন পঞ্চায়তে পঞ্চায়তে তন্ন তন্নকৈ চলাইছে আঁচনিৰ পৰ্যবেক্ষণ । সঠিক ৰূপত আঁচনি ৰূপায়ণ হৈছে নে নাই তাৰো কৰিছে তদন্ত । ইয়াৰ মাজতেই ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বনগাঁও পঞ্চায়ত পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে এই দলটোৱে । পঞ্চায়তখন পৰ্যবেক্ষণ কৰি অসমৰ ভিতৰতে লেখত ল'বলগীয়া এইখন বনগাঁও পঞ্চায়ত বুলি কয় দলটোৰ সদস্য়সকলে । একেদৰে পঞ্চায়তখনৰ অন্তৰ্গত অংগনবাড়ী কেন্দ্ৰ ,আই এ ৱাই আৱাস গৃহ, শ্মশান আদিও পৰিদৰ্শন কৰে দলটোৱে । উল্লেখ্য যে পঞ্চায়তৰ আঁচনি ৰূপায়ণ সন্দৰ্ভত এই হিচাপ পৰীক্ষণ সমিতিয়ে বিধানসভাত দাখিল কৰিব প্ৰতিবেদন ।
লগতে পঢ়ক:Scam in Anganwadi Centre : অংগনৱাড়ী কেন্দ্ৰত কৰ্মী-সহায়িকাই খাইছে শিশুৰ পুষ্টিকৰ খাদ্য