Govt. Employee Protest in Sivasagar: নতুন পেন্সন আঁচনি বাতিলৰ দাবীত শিৱসাগৰত কৰ্মচাৰীৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 8:17 PM IST

thumbnail

শিৱসাগৰ,7 অক্টোবৰ : শিৱসাগৰত চৰকাৰী কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ । নতুন পেন্সন আঁচনিৰ বিৰোধিতাৰে কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজস্থান,চিকিম আদি ৰাজ্যত বিজেপি বিৰোধী চৰকাৰ অহাৰ লগে লগে পুৰণি পেন্সন নীতি প্ৰৱৰ্তন কৰিছে । অসমত কিয় সম্ভৱ নহয়, চৰকাৰলৈ এই প্ৰশ্ন ক্ষোভিত কৰ্মচাৰীৰ ।

শনিবাৰে অসম চৰকাৰৰ দুই শতাধিক কৰ্মচাৰীয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহে ৷ কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰক, এন পি এছ বাতিল কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে ।

উল্লেখযোগ্য যে, নতুন পেন্সন নীতিৰ ফলত চৰকাৰী কৰ্মচাৰীসকলে অৱসৰৰ পাচত কোনোৱে হয়তো লাভ কৰিব মাহে 1000 টকা অথবা কোনোৱে লাভ কৰিব 500 টকা । সেয়ে নতুন পেঞ্চন আঁচনি বাতিল কৰিব লাগে ৷ অন্যথা আগন্তুক নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ প্ৰতিবাদকাৰী কৰ্মচাৰীৰ ৷

লগতে পঢ়ক :Angkita Dutta on AJP Assam Yatra: অংকিতা দত্তৰ অসম জাতীয় পৰিষদত যোগদানৰ কুচকাৱাজ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.