Protest Rally in Manikpur: মহা সপ্তমীৰ দিনা মাণিকপুৰত প্ৰতিবাদী পদযাত্ৰা - Sub District protest in assam

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 9:33 AM IST

মাণিকপুৰ, 22 অক্টোবৰ: মহা সপ্তমীৰ দিনা ব্যতিক্ৰমী দৃশ্য দেখা গ'ল মাণিকপুৰত । বঙাইগাঁও জিলাৰ মাণিকপুৰক উপ জিলা ঘোষণা কৰাৰ দাবীত উপ-জিলা দাবী সমিতিৰ উদ্যোগত পাতিলাদহা দূৰ্গোৎসৱৰ পূজালৈ মা দূৰ্গাৰ আশীষ বিচাৰি পদযাত্ৰা কৰে মাণিকপুৰবাসী ৰাইজে । মাণিকপুৰৰ শ শ পুৰুষ-মহিলাই মাণিকপুৰ সাপ্তাহিক বজাৰ গৃহৰ পৰা এই পদযাত্ৰা আৰম্ভ কৰি 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰে মুঠ 5 কিঃমিঃ পদযাত্ৰা কৰে আৰু পাতিলাদহা শাৰদীয় দুৰ্গোৎসৱৰ পূজাথলীত উপস্থিত হয় ।

পদযাত্ৰাৰ সময়ত মাণিকপুৰক উপ জিলা ঘোষণা কৰাৰ দাবীত বিভিন্ন শ্লোগান দিয়ে স্থানীয় লোকসকলে । উল্লেখযোগ্য যে, বিগত প্ৰায় দুমাহ ধৰি বিভিন্ন পদ্ধতিৰে আন্দোলন কৰি থকাৰ পিছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত সাক্ষাৎ কৰাৰ অনুমতি নোপোৱাত শনিবাৰে উপায়বিহীন হৈ মা দুৰ্গাৰ আশীষ বিচাৰি পদযাত্ৰা কৰি পাতিলাদহা শাৰদীয় দুৰ্গোৎসৱৰ মণ্ডপত শৰাই, নৈবেদ্য আগবঢ়ায় ৷ তেওঁলোকে মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ শুভ বুদ্ধি উদয় হৈ মাণিকপুৰক উপ-জিলা ঘোষণা কৰাৰ বাবে মা দুৰ্গাক প্ৰাৰ্থনা জনায় । 

ইয়াৰ লগতে, প্ৰতিবাদী সভা অনুষ্ঠিত কৰি নিৰ্বাচনী আয়োগৰ ওচৰত মাণিকপুৰৰ বিপক্ষে প্ৰতিবেদন লিখিতৰূপে দাখিল কৰা ব্যক্তিসকলৰ ওপৰত ক্ষোভ উজাৰিলে মাণিকপুৰ উপ-জিলা দাবী সমিতিয়ে ।

লগতে পঢ়ক: Fire break out in Jania: জনীয়াত অগ্নিকাণ্ডত ভস্মীভূত 6 লক্ষাধিক টকাৰ সম্পত্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.