Increase in municipal taxes in Nazira municipality: নাজিৰা পৌৰসভাত অস্বাভাৱিক হাৰত পৌৰ কৰ বৃদ্ধিক লৈ প্ৰতিবাদী সভা - নাজিৰা পৌৰসভাৰ সমস্যা
🎬 Watch Now: Feature Video
আমগুৰি, ৫ মাৰ্চ: ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে সৰ্বসাধাৰণক টেটুচেপা দিয়াৰ সময়তে শিৱসাগৰ জিলাৰ নাজিৰা পৌৰসভাত নিশাটোৰ ভিতৰতেই অস্বাভাৱিক হাৰত পৌৰ কৰ বৃদ্ধি হোৱাকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Increase in municipal taxes in Nazira municipality) ৷
নাজিৰা পৌৰসভাই পৌৰ কৰ বৃদ্ধি কৰি নাজিৰাৰ নগৰাঞ্চলৰ নাগৰিক সকললৈ লক্ষ লক্ষ টকাৰ কৰ পৰিশোধৰ জাননী প্ৰেৰণ কৰাৰ পাছতেই দেওবাৰে নগৰখনৰ সহস্ৰাধিক লোকে নাজিৰা নাট্য মন্দিৰত সমবেত হৈ এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে (Protest over abnormal increase in municipal taxes) । অস্বাভাৱিক হাৰত বৃদ্ধি ঘটোৱা এই পৌৰ কৰ কোনো কাৰণতে ৰাইজে মানি নলয় বুলি হুংকাৰ দিছে নাজিৰাবাসীয়ে (Nazira Municipal Board) ।
উল্লেখযোগ্য যে, বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত নাজিৰা পৌৰসভাৰ সমস্যা সমাধানত গুৰুত্ব নিদি কেৱল কৰ বঢ়োৱাত সিদ্ধহস্ত হোৱাত জাঙুৰ খাই উঠিছে সচেতন লোকসকল । এই ক্ষেত্ৰত নাজিৰা পৌৰ এলেকাৰ জনসাধাৰণৰ এই প্ৰতিবাদী সভা সন্দৰ্ভত নাজিৰা পৌৰসভাই কেনেধৰণে গুৰুত্ব আৰোপ কৰিব সেইয়া সময়তহে লক্ষণীয় হ'ব ।
লগতে পঢ়ক : Protest over Dibang river digging: দিবাং নদী খনন প্ৰকল্প বন্ধৰ দাবীৰে শদিয়াত সহস্ৰাধিক মিচিং ৰাইজৰ প্ৰতিবাদ