thumbnail

By

Published : Jul 31, 2023, 2:58 PM IST

ETV Bharat / Videos

Congress protest: মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোচ্ছাৰ কংগ্ৰেছ

শিৱসাগৰ, 31 জুলাই : শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ শিৱসাগৰ জিলা কংগ্ৰেছ দলৰ সদস্যই শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । শিৱসাগৰ জিলা কংগ্ৰেছ দলৰ কাৰ্যালয়ৰ পৰা এক প্ৰতিবাদী মিছিল উলিয়াই শাসনাধিষ্ঠিত বিজেপি দলৰ বিৰুদ্ধে সোচ্ছাৰ হয় বিৰোধী দলটো ৷ 

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ লগতে ঔষধ, ইন্ধন তথা আন আন সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় । কংগ্ৰেছ দলৰ নেত্ৰী প্ৰণতি ফুকনে এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ বিফলতাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । হাতে হাতে বেনাৰ, ফেষ্টুন লৈ প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিফলতাক তীব্ৰ গৰিহণা দি অনতিপলমে ৰাজ্যৰ ভয়াৱহ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক : Lok Sabha adjourned : মণিপুৰৰ প্ৰসংগক লৈ উত্তাল সদন; 2 বজালৈ স্থগিত ঘোষণা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.