thumbnail

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 1:30 PM IST

ETV Bharat / Videos

ক'লা আইন প্ৰত্যাহাৰৰ দাবীত ডিব্ৰুগড়ত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

মৰাণ, ৫ জানুৱাৰী: যান-বাহন চলাচলৰ ক্ষেত্ৰত দেশত কেন্দ্ৰীয় চৰকাৰে আনিব বিচৰা নতুন আইনে এতিয়া তোলপাৰ লগাইছে চালক সকলৰ মাজত । সেয়েহে আজিৰে পৰা দুদিনীয়া অসমৰ মটৰ শ্ৰমিক সন্থাই বন্ধ ঘোষণা কৰাত কলা আইন প্ৰত্যাহাৰৰ দাবীত ডিব্ৰুগড় চহৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে । ইয়াৰ মাজতেই এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ডিব্ৰুগড়ত । বন্ধ নমনা চালকক ৰাজপথতে আঁঠু কঢ়াইছে বন্ধ সমৰ্থকে ।  

উল্লেখ্য় যে কেন্দ্ৰীয় চৰকাৰে আনিব বিচৰা "হিট এণ্ড ৰাণ" নামৰ আইনখনৰ অধীনত এজন চালকৰ দ্বাৰা কোনো পদচাৰী নাইবা বাইক আৰোহী দুৰ্ঘটনাত পতিত হৈ আহত অথবা মৃত্যু হ'লে যদি সেই দুৰ্ঘটনা স্থানৰ পৰা চালকজন পলায়ন কৰে তেন্তে সেই চালক জনৰ বিৰুদ্ধে ১০ বছৰ কাৰাদণ্ডৰ লগতে ৭ লাখ টকাৰ পৰ্যন্ত জৰিমনা বিহা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰা পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ।

সমান্তৰালভাৱে মটৰ শ্ৰমিকৰ ওপৰত এই ক'লা আইন প্ৰত্যাহাৰৰ দাবীত অসমৰ মটৰ শ্ৰমিক সমূহৰ যৌথ মঞ্চৰ আহ্বানত আজিৰে পৰা আৰু ৬ জানুৱাৰীলৈ ৪৮ ঘন্টীয়া কৰ্মবিৰতি পালন কৰিছে । সেই আন্দোলনৰ প্ৰতি ডিব্ৰুগড় আসাম মটৰ ট্ৰেন্সপ'ৰ্ট লেবাৰ ইউনিয়ন ড্ৰাইভাৰে সম্পূৰ্ণ ৰূপে সমৰ্থন জনায় । ইপিনে, ক'লা আইন প্ৰত্যাহাৰৰ দাবীত নাহৰকটীয়াতো মটৰ শ্ৰমিকৰ ইউনিয়নে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।  

লগতে পঢ়ক:হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে সৰুপথাৰত মটৰ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.