Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে ৰাজপথত ৰাইজ - Darrang
🎬 Watch Now: Feature Video

মঙলদৈ,26 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাচতে ৰাজনৈতিক অৰাজনৈতিক দলৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ বিৰোধিতাৰে এইবাৰ ৰাজপথতলৈ ওলাই আহিল ৰাইজ ।
এই দৃশ্য মঙলদৈৰ ধূলা ৰাজপথৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা বিৰোধিতাৰে ৰাজপথ অৱৰোধ কৰিলে ধূলা আৰু খাটনীয়াপাৰাৰ গাঁৱৰ ৰাইজে ।
লোকসভা সমষ্টিসমূহৰ নতুনকৈ সীমা নিৰ্ধাৰণ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে প্ৰতিবাদকাৰীয়ে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ মতে মঙলদৈ সমষ্টিৰ পূৱ মঙলদৈৰ ধূলা গাওঁ পঞ্চায়তকে ধৰি কেইবাটাও পঞ্চায়ত টংলা লোকসভা সমষ্টিৰ লগত চামিল হয় ৷ যাৰ বাবে ৰাইজে কোনো কাৰণতে টংলাৰ লগত চামিল হ'বলৈ নিদিওঁ বুলি হুংকাৰ দিয়ে । ৰাইজৰ দাবী মানি নল’লে আগন্তুক দিনত আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ৰাইজৰ ৷
লগতে পঢ়ক: Electric vehicle insurance : বৈদ্যুতিক বাহনৰ বীমাৰ কিমান প্ৰয়োজন ?