thumbnail

Protest at silsako beel : প্ৰতিবাদকাৰী মহিলাক অখিলপন্থী আখ্যা মন্ত্ৰী সিংহলৰ

By

Published : May 10, 2023, 2:12 PM IST

গুৱাহাটী, 10 মে’ : মহানগৰীৰ শিলসাঁকো বিলৰ উচ্ছেদিত ৰাইজে আজি গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ শিলসাঁকো বিলত প্ৰকল্প শুভাৰম্ভনী অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যৰে উক্ত স্থানলৈ আহিছিল মন্ত্ৰীগৰাকী ৷  মন্ত্ৰীগৰাকীয়ে ভাষণ দি থকা অৱস্থাতে সভাস্থলীত উপস্থিত হয় শিলসাঁকো বিলৰ উচ্ছেদিত একাংশ লোক আৰু ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত ৰাইজে (Protest at Ashok Singhal meeting) ৷  

ইফালে প্ৰতিবাদী লোকসকলক অখিলপন্থী বুলি কটাক্ষ কৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলে ৷ শিলসাঁকো বিলৰ স্থানত Biromediation প্ৰকল্পৰ আনুষ্ঠানিকভাৱে মুকলি কৰা অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অধ্যক্ষ নাৰায়ন ডেকা, উপ অধ্যক্ষ চেয়াৰমেন মুকুতা ডেকা প্ৰমুখ্যে বহুলোক উপস্থিত থাকে (Minister Ashok Singhal at silsako beel guwahati) ৷

লগতে পঢ়ক :   CM security issue : মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা তিনি আৰক্ষী অধীক্ষকক তাৎক্ষণিক বদলি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.