thumbnail

By

Published : May 8, 2023, 1:58 PM IST

ETV Bharat / Videos

Scam in Arunodaya scheme:বৰপেটাৰ দঙৰা পঞ্চায়তত অৰুণোদয় আঁচনিত অনিয়ম

বৰপেটা, ৮ মে': বৰপেটা জিলাৰ দঙৰা গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Manipulation in Arunodaya scheme) ৷ গাঁও পঞ্চায়তখনৰ অন্তৰ্গত ৰহমপুৰ আৰু চকাবাউসী গাঁৱৰ প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ অভিযোগ একাংশ বঞ্চিত হিতাধিকাৰীৰ ৷ বঞ্চিত হিতাধিকাৰীসকলে অভিযোগ উত্থাপন কৰি কয় যে ধনৰ লেনদেনেৰে নিৰ্বাচিত কৰা হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী ৷

বিশেষকৈ দঙৰা গাঁও পঞ্চায়তৰ সভাপতি ছাহ আলম আৰু ৰহমপুৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ জাকিৰ হুছেইনৰ বিৰুদ্ধে ধনৰ লেনদেনেৰে তালিকা প্ৰস্তুত কৰাৰ অভিযোগ বঞ্চিত সকলৰ (Scam in Dongra Grama Panchayat) ৷ ইতিমধ্যে গাঁও পঞ্চায়তখনত অৰুণোদয় আঁচনিত সংঘটিত অনিয়মৰ বিৰুদ্ধে বৰপেটাৰ জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছে বঞ্চিত হিতাধিকাৰীসকলে ৷

আনকি ক্ষুব্ধ হিতাধিকাৰীসকলে অৰুণোদয় আঁচনি ৰূপায়নৰ ক্ষেত্ৰত হোৱা অনিয়মৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচীও ৰূপায়ন কৰে (Protest against scam in Arunodaya)৷ দঙৰা গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ ৰূপায়নত হোৱা অনিয়মৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ লগতে নতুনকৈ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ দাবী জনাইছে বঞ্চিত হিতাধিকাৰীসকলে ৷

লগতে পঢ়ক:Jorhat Porn video case: মানসিক তৃপ্তিৰ বাবেই প্ৰস্তুত কৰিছিল নগ্ন ভিডিঅ’; জেৰাত স্বীকাৰ অভিযুক্তৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.