Protest Against Municipality Tax Hike: বৰ্ধিত কৰ প্ৰত্যাহাৰৰ দাবীত টীয়কত প্ৰতিবাদ অব্যাহত - Public protest at Teok
🎬 Watch Now: Feature Video
যোৰহাট, 21 মাৰ্চ: যোৰহাটৰ টীয়ক পৌৰসভাই পৌৰ এলেকাত থকা বাসিন্দাসকলৰ ওপৰত অত্যাধিক পৌৰ কৰ জাপি দিয়াৰ প্ৰতিবাদত আজি পুনৰ টীয়ক পৌৰ সভাৰ প্ৰায় দুই শতাধিক বাসিন্দা লগ হৈ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে । অনাকাংক্ষিতভাৱে ২০১৮ চনত নগৰ সমিতিৰ পৰা পৌৰসভালৈ উন্নীত কৰা টীয়ক নগৰ সমিতিত এখন পৌৰসভাত থাকিবলগীয়া এটাও সুবিধা নথকাৰ পিচতো পৌৰসভাই ইয়াৰ বাসিন্দাসকলৰ ওপৰত অত্যাধিক কৰ জাপি দিয়া কাৰ্যৰ ঘোৰ বিৰোধিতা কৰি আজি টীয়ক নাগৰিক সমিতিয়ে ৰাইজৰ সহযোগত টীয়ক পৌৰসভাৰ কাৰ্যবাহী বিষয়াক কেবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।
উল্লেখযোগ্য যে, ৪ টা ৱাৰ্ড সমষ্টিৰে ২০০৫ চনত গঠিত টীয়ক নগৰ সমিতিয়ে কাৰ আৰ্শীবাদত পৌৰসভালৈ উন্নীতকৰণ হ'ল তাক লৈও বাসিন্দাসকলৰ মাজত সন্দেহৰ সৃষ্টি হৈছে (Protest in Teok revenue circle office) । ইয়াৰ লগতে টীয়ক পৌৰসভাত থকা অনভিজ্ঞ কৃষি অভিযন্তাজনৰ বাবে টীয়ক পৌৰ এলেকাত উন্নয়নমূলক কামসমূহ সঠিক আৰু বিজ্ঞানসন্মত নোহোৱাৰ অভিযোগ উত্থাপন কৰি অতি সোনকালে টীয়ক পৌৰ সভাত এজন অভিজ্ঞ অসামৰিক অভিযন্তা নিয়োগ কৰিবলৈও স্মাৰকপত্ৰ প্ৰদান কৰে ।
ইপিনে স্মৰকপত্ৰৰ যোগেদি কাৰ্যবাহী বিষয়াগৰাকীৰ প্ৰতি ক্ষোভ ব্যক্ত কৰি বাসিন্দাসকলে জনায় যে, অহা ২৯ মাৰ্চৰ ভিতৰত যদি উল্লেখিত বিষয়ত উৰ্ধতম কৰ্তৃপক্ষই চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব নোৱাৰে তেন্তে অহা ৩০ মাৰ্চৰ দিনা ৰাইজৰ স্বাৰ্থত ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলি সমগ্ৰ টীয়ক নগৰ স্তব্ধ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী ৰাইজ (Protest Against Municipality Tax Hike in Jorhat) ।
লগতে পঢ়ক : Assam Orunodoi Scheme 2023 : আমগুৰিত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ পঞ্চায়ত ঘেৰাও
TAGGED:
Public protest at Teok