Awareness rally against Manipur incident : নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ডুমডুমাত শ শ মহিলাৰ শান্তি সমদল

By

Published : Jul 28, 2023, 11:51 AM IST

thumbnail

তিনিচুকীয়া, ২৮ জুলাই : প্ৰায় তিনি মাহ ধৰি জ্বলি আছে মণিপুৰ ৷ মণিপুৰ হিংসাৰ জুইৰ অগনি এতিয়া মাৰ যোৱা নাই ৷ হিংসাজৰ্জৰ মণিপুৰত এতিয়া নাৰী নিৰ্যাতন তথা নাৰীৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰ কথা পোহৰলৈ আহিছে ৷ যাৰ বিৰোধিতাৰে এই প্ৰতিবাদত নামিল অসম চাহ জনজাতি মহিলা সমিতি চমুকৈ আটুৱাৰ ডুমডুমা শাখা সমিতি ৷

আটুৱাৰ ডুমডুমা শাখা সমিতিৰ উদ্যোগত আত্ম সহায়ক গোটসমূহৰ লগতে ৰাইজৰ সহযোগত নাৰী নিৰ্যাতন, নাৰী অত্যাচাৰৰ বিৰুদ্ধে তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰৰ মাজমজিয়াত বৃহস্পতিবাৰে সন্ধিয়া এক শান্তি সমদল বাহিৰ কৰা হয় । য’ত শ-শ যুৱতী তথা মহিলাই হাতে-হাতে মমবাতি লৈ শান্তি সমদলৰ জৰিয়তে মনিপুৰৰ ঘটনাৰ লগতে বিভিন্ন সময়ত দেশৰ ভিন্ন প্ৰান্তত হৈ থকা নাৰী নিৰ্যাতন, নাৰী অত্যাচাৰ আদিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

নাৰী নিৰ্যাতন, নাৰী অত্যাচাৰৰ বিৰুদ্ধে চৰকাৰৰ নিৰৱ ভূমিকাক লৈয়ো প্ৰতিবাদী মহিলাসকল ক্ষোভিত হৈ পৰে । যিখন দেশত নাৰীক দেৱী দুৰ্গা, দেৱী কালী বুলি পূজা কৰা হয়, সেই দেশতেই নাৰীক ৰাজপথত উলংগ কৰা হয় বুলি উল্লেখ কৰি চৰকাৰৰ ভূমিকাক লৈ প্ৰতিবাদকাৰীসকলে তীব্ৰ সমালোচনা কৰে ।

লগতে পঢ়ক : Indian No mans land villages : মানচিত্ৰত অস্তিত্ব নথকা দেশৰ ৫ গাঁও, য'ত ভাৰতৰ কোনো লোকে ভৰি নিদিয়ে !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.