Constituency delimitation: লাহোৱাল সমষ্টি বিলুপ্তকৰণৰ বিৰুদ্ধে ঘোঁৰামৰা তিনিআলিত প্ৰতিবাদ
🎬 Watch Now: Feature Video
মৰাণ, ২৩ জুলাই: নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই দেওবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে সমষ্টিটোৰ ৰাইজে । খিলঞ্জীয়াৰ আধিপত্য থকা লাহোৱাল সমষ্টিক নিৰ্বাচন আয়োগে বিলুপ্তকৰণৰ বাবে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত ঘোঁৰামৰা তিনিআলিত ৫ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে । ইতিমধ্যে গুৱাহাটীত অনুষ্ঠিত শুনানিত বৃহত্তৰ লাহোৱালৰ ৰাইজে নিৰ্বাচন আয়োগৰ ওচৰত যুক্তি দৰ্শাইছিল ।
আনহাতে, নিৰ্বাচন আয়োগে লাহোৱাল সমষ্টি বিলুপ্তি ঘটাই হঠকাৰী সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন কৰিছে সমষ্টিটোৰ ৰাইজে । এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে আন্দোলনৰ কাৰ্যসূচী তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে লাহোৱাল সমষ্টিৰ ৰাইজে ।
উল্লেখযোগ্য যে ইতিমধ্যে ১১৭ নং লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবীত ভাৰতীয় নিৰ্বাচন আয়োগলৈ বিভিন্ন দল-সংগঠনে স্মাৰকপত্ৰ প্ৰদান কৰিছে । কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণেৰে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ।
লগতে পঢ়ক:constituency delimitation 2023: অসমীয়া ভূমিপুত্ৰৰ প্ৰধান শত্ৰু হিমন্ত বিশ্ব শৰ্মা; লুৰীণজ্যোতি গগৈ