Illegal liquor : চুলাই মদক কেন্দ্ৰ কৰি ৰূপহীহাটত উত্তপ্ত পৰিস্থিতি - অবৈধ চুলাই মদৰ ৰমৰমীয়া বেহা
🎬 Watch Now: Feature Video


Published : Oct 25, 2023, 2:06 PM IST
চামগুৰি, 25 অক্টোবৰ: ৰূপহীহাটৰ গড়াজানত অবৈধ চুলাইক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি । ৰাজপথলৈ ওলাই আহি অতিষ্ঠ স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে এই অবৈধ চুলাইৰ বিৰুদ্ধে ৷ ৰূপহীহাটৰ গড়াজান থানাৰ অন্তৰ্গত উত্তৰ গড়াজানত চুলাই মদৰ বিৰুদ্ধে পথলৈ ওলায় আহে অৰ্ধ শতাধিক স্থানীয় পুৰুষ-মহিলা ।
চুলাই মদ বন্ধ কৰক, মদ বিক্ৰী কৰা নচলিব আদি শ্লোগানেৰে স্থানীয় লোকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । উত্তৰ গড়াজানৰ নিৰঞ্জন নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ব্যক্তিজনে দীৰ্ঘ দিন ধৰি অবৈধ চুলাই মদৰ ৰমৰমীয়া বেহা চলাই যোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । ইয়ে সমগ্ৰ পৰিৱেশটো বিনষ্ট কৰাৰো অভিযোগ তোলে ৰাইজে ৷
ঘটনাস্থলীত গড়াজান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়ক: Tortoise recovered in Rangia : ৰঙিয়াত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ