AASA protest at Dibrugarh: বামুনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ গায়নৰ বিৰুদ্ধে প্ৰতিবাদ - সাধাৰণ ৰাইজক পিষ্টল দেখুৱাই ভাবুকি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 6, 2023, 9:58 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰতিবাদত শুকুৰবাৰে উত্তাল হৈ পৰে ডিব্ৰুগড় জিলাৰ বামুনবাৰী তিনিআলি ৷ ডিব্ৰুগড় জিলাৰ বামুনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ গায়নে(IC Anup Gayan of Bamunbari outpost) সাধাৰণ ৰাইজক পিষ্টল দেখুৱাই ভাবুকি দিয়া ঘটনাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷ উল্লেখ্য যে, ২ নং দীঘলীয়াৰ সাধাৰণ ৰাইজক পিষ্টল দেখুৱাই আৰক্ষী বিষয়া অনুপ গায়নে তেওঁলোকৰ মাটি বলপূৰ্বকভাৱে ভূমি মাফিয়াক গতাই দিয়াৰ অভিযোগ উত্থাপন হৈছে । যাৰ বাবে আজি টিংখাং মৌজাৰ ২ দীঘলীয়া গাঁৱৰ ১৭০ নং ম্যাদী পট্টাৰ ৮৯ আৰু ৭৯ দাগৰ মাটিৰ উচিত তদন্তৰ লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপ গায়নৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা) ডিব্ৰুগড় জিলা সমিতিয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে(All Adibashi Students' Association) ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.