Protest against APDCL:লোড শ্বেডিঙত অতিষ্ঠ হৈ APDCLৰ বিষয়াক পিন্ধালে গামোচা - শক্তি মন্ত্ৰী নান্দিতা গাৰ্লছা
🎬 Watch Now: Feature Video
Published : Sep 5, 2023, 6:29 PM IST
দৰং, ৫ ছেপ্টেম্বৰ: এফালে উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য,আনফালে অত্যাধিক হাৰত বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল । সকলো ফালৰ পৰা জনসাধাৰণ জুৰুলা হোৱাৰ সময়তে বিগত কিছুদিন ধৰি বৃদ্ধি পাইছে বিদ্যুতৰ লুকাভাকু । যাৰ প্ৰৰিপ্ৰেক্ষিতত অতিষ্ঠ হৈ পৰিছে ৰাইজ ।
APDCLৰ অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে মঙলদৈত অভিনৱ প্ৰতিবাদ । APDCLৰ মঙলদৈ কাৰ্যালয়ৰ কৰ্মচাৰীক গামোচা পিন্ধাই মঙলবাৰে সম্বৰ্ধনা জনালে অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ দৰং জিলা কমিটীয়ে ৷ ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত একেলেঠাৰীয়ে ২ ঘণ্টাও বিদ্যুৎ যোগান ধৰিবলৈ অপাৰগ হোৱাৰ অভিযোগত ইতিমধ্যে ঠায়ে ঠায়ে প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাইজ । সৰ্বত্ৰে উঠিছে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পদত্যাগৰ দাবী । অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ দৰং জিলা কমিটীৰ সদস্য়সকলে কয় যে দিন-ৰাতিৰ ভিতৰত মাত্ৰ কেইমিনিটমানহে বিদ্যুৎ যোগান ধৰে APDCLৰ বিষয়াসকলে ।
লগতে পঢ়ক:AJYCP calls for protest against APDCL: বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ AJYCP ৰ