Protest at Tamulpur: তামুলপুৰত চামিল নহয় বাক্সাৰ সূৱণখাটা আৰু জোপাদং অঞ্চলৰ ৰাইজ - সূৱণখাটা জোপাদং নাগৰিক সচেতন মঞ্চ
🎬 Watch Now: Feature Video
Published : Sep 21, 2023, 8:15 PM IST
বাক্সা, ২১ ছেপ্টেম্বৰ: তামুলপুৰত চামিল নহয় বাক্সাৰ সূৱণখাটা আৰু জোপাদং অঞ্চল ৷ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা সূৱণখাটা জোপাদং নাগৰিক সচেতন মঞ্চৰ ৷ নাগৰিক সচেতন মঞ্চৰ সভাপতি টিকাৰাম শৰ্মা আৰু সম্পাদক মন্টু বড়োৱে বৃহস্পতিবাৰে সংবাদমেল অনুষ্ঠিত কৰি এই কথা স্পষ্ট কৰি দিয়াৰ লগতে এলানি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে ৷
উল্লেখ্য যে, বিগত কিছুদিন ধৰি বৃহত্তৰ সূৱণখাটা অঞ্চলৰ ৰাইজে সূৱণখাটা আৰু জোপাদং অঞ্চলটো নৱগঠিত তামুলপুৰ জিলাত চামিলকৰণৰ বিৰোধিতা কৰি চলাই আহিছে আন্দোলনৰ কাৰ্যসূচী ৷ নাগৰিক সচেতন মঞ্চৰ পুনৰ শুকুৰবাৰৰ পৰা আন এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ৷ এই অনুসৰি শুকুৰবাৰে সমূহীয়া মুণ্ডন কাৰ্যসূচীৰ পাচতে জোৰ সমদল উলিওৱা হ’ব ৷
ইয়াৰ পাচতে বাগানপাৰাত ধৰ্ণা, অনশনৰ কাৰ্যসূচী ৰূপায়ণৰ লগতে নাগৰিক সচেতন মঞ্চই চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি চলাব আইনী প্ৰক্ৰিয়া ৷ ইয়াৰ পাচতো যদি ৰাইজৰ দাবীক চৰকাৰে গুৰুত্ব প্ৰদান নকৰে তেন্তে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে লোকসভা, বিধানসভা লগতে পৰিষদীয় নিৰ্বাচনত ভোট বৰ্জন কৰিব ৷