প্ৰাইড অব ইয়ং হিন্দুস্থান 2024 বঁটা লাভ সৰুপথাৰৰ জ্যোতিৰ্ময় বৰগোহাঁইৰ

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 6:29 PM IST

thumbnail

সৰুপথাৰ, 16 জানুৱাৰী : ভোগালী বিহুৰ আনন্দ-উল্লাসৰ মাজতেই সৰুপথাৰলৈ গৌৰৱ কঢ়িয়াই আনিলে 1নং পদুমনি গাঁৱৰ জ্যোতিৰ্ময় বৰগোহাঁয়ে । বৰ্তমান যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰত অধ্যয়নৰত ছাত্ৰ জ্যোতিৰ্ময়ে ধুবুৰীৰ শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত স্নাতকত অধ্যয়ন কৰি থকা সময়ৰ পৰাই সামাজিক ক্ষেত্ৰখনৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল ৷

আনহাতে, সামাজিক ক্ষেত্ৰখনৰ লগত সক্ৰিয়ভাৱে জড়িত লোকসকলক বিভিন্ন সন্মান প্ৰদান কৰি আহিছে সৰ্বভাৰতীয় স্বেচ্ছাসেৱী সংগঠন ইয়ংস্তান ফাউণ্ডেশ্যনে ৷ এইবাৰো সংগঠনটোৱে সমাজকৰ্মীৰ শ্ৰেণীৰ ‘প্ৰাইড অৱ ইয়ং হিন্দুস্থান 2024’ বঁটা প্ৰদান কৰে সৰুপথাৰ নগৰৰ 1 নং পদুমনিৰ বাসিন্দা জ্যোতিৰ্ময় বৰগোহাঁইক ৷ ইয়ংস্তান ফাউণ্ডেশ্যনে ভাৰতবৰ্ষৰ 15 খন ৰাজ্যৰ পৰা এজনকৈ লোকক নিৰ্বাচন কৰিছিল এই বঁটাৰ বাবে ৷

ইফালে, জ্যোতিৰ্ময়ে পূৰ্বেও অসম চৰকাৰৰ অন্তৰ্গত ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ তৰফৰ পৰাও 2020-21 বৰ্ষৰ স্বেচ্ছাসেৱক শ্ৰেণীত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ‘অসম ৰাজ্যিক’ বঁটাও লাভ কৰিছিল ৷ পুত্ৰৰ সফলতাত পিতৃ-মাতৃৰ লগতে সমগ্ৰ ধনশিৰি মহকুমাবাসী আনন্দিত হৈ পৰিছে ।

লগতে পঢ়ক : পৰম্পৰা, ৰীতি-নীতিৰে সৰুপথাৰত ভোগালী বিহু উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.