AAP Assam : লোকসভা নিৰ্বাচনত অসমত পাঁচটাকৈ সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব আপ অসমে
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 15 নৱেম্বৰ : বিজেপিৰ বিৰুদ্ধে অসমত গঠন হোৱা বিৰোধী ঐক্যত শেহতীয়াকৈ চামিল হৈছিল আপ অসম ৷ দিল্লীত বিৰোধী ঐক্য I.N.D.I.Aত আপে যোগদান কৰা পাছতে অসমতো আপে যোগদান কৰিছিল বিৰোধী ঐক্যত ৷ বিৰোধী ঐক্যই লোকসভা নিৰ্বাচনৰ আসন ভাগ বটোৱাৰাক লৈ সমূহীয়া স্থিতি স্পষ্ট কৰা নাই যদিও বুধবাৰে ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি লোকসভা নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপ অসমে ৷
এই সংবাদমেলৰ জৰিয়তে আগন্তুক লোকসভা নিৰ্বাচনত পাঁচটাকৈ সমষ্টিত আপ অসমে প্ৰতিদ্বন্দিতা কৰিব বুলি জানিবলৈ দিয়ে ৷ আম আদমী পাৰ্টি অসমৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰ, সাধাৰণ সম্পাদক মামুন ইমদাদুল হকে ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰি কয় যে, ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ, বৰপেটা আৰু ধুবুৰীত প্ৰতিদ্বন্দিতা কৰিব আপ অসমে ৷ ইতিমধ্যে পাঁচটা সমষ্টিতে সাংগঠনিক কাম-কাজ শক্তিশালী ভাৱে কৰি থকা বুলি জানিবলৈ দিছে আপ অসমে ৷
লগতে পঢ়ক : AAP press Meet in Dibrugarh: চৰকাৰৰ ঠিকাভিত্তিত টেট শিক্ষকক লৈ গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা আপৰ