President Draupodi Murmu: কোকৰাঝাৰত ফটকা ফুটাই বিজয় উৎসৱ পালন

By

Published : Jul 21, 2022, 9:50 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail
দেশৰ প্ৰথমগৰাকী জনজাতীয় (First citizen of India Draupodi Murmu) ৰাষ্ট্ৰপতিৰ গৌৰৱ অৰ্জন কৰিলে দ্ৰৌপদী মুৰ্মুৱে । বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ সমন্বিত প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মুৱে কংগ্ৰেছ তথা ইয়াৰ সহযোগী বিৰোধী দলবোৰৰ মনোনীত প্ৰাৰ্থী যশোৱন্ত সিনহাক পৰাস্ত কৰি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হয় (Draupodi Murmu defeated Yashwant Sinha) । দ্ৰৌপদী মূৰ্মুৱে লাভ কৰা ভোটৰ সংখ্যা হৈছে 2161, যাৰ মূল্য 5,77,777 টা(Draupodi Murmu new president of India) । ৰাষ্ট্ৰপতি পদত দ্ৰোপদী মুৰ্ৰ্মু জয়ী হোৱাত কোকৰাঝাৰত ফটকা ফুটাই বিজয় উৎসৱ পালন বিজেপি কৰ্মীৰ (Victory celebrations in Kokrajhar)। দেশৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এগৰাকী আদিবাসী মহিলা দ্ৰৌপদী মুৰ্মুৱে দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত কোকৰাঝাৰ বিজেপিয়ে দ্ৰৌপদী মুৰ্মুলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে । বিজয়োৎসৱ পালনৰ অন্তত কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি ৰাজকুমাৰ ব্ৰহ্মই মহামহিম ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূমিকাক প্ৰশংসা কৰে । বিজেপিয়ে যে সকলো জাতি-জনগোষ্ঠীক লৈ আগবাঢ়ি যাব খোজে ইয়ে ডাঙৰ প্ৰমাণ বুলি মন্তব্য কৰে ৷ লগতে সভাপতিগৰাকীয়ে আজিৰ এই ক্ষণ ঐতিহাসিক ক্ষণ বুলি মন্তব্য কৰি নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে থলুৱাৰ সুখ-দুখ বুজি পাব বুলি আশা প্ৰকাশ কৰে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.