ধেমাজিত টাকাম মিলি অপৃন কৌবাঙৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি - টাকাম মিলি অপৃন কৌবাঙ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 11:28 AM IST

ধেমাজি,২১ ডিচেম্বৰ: ২০০০ মিলি বংশধৰ প্ৰতিনিধিক আদৰিবলৈ সাজু ধেমাজি ৰাইচাপৰিবাসী ৷ অংশগ্ৰহণ কৰিব শদিয়াৰ পৰা ধুবুৰীলৈকে আৰু অৰুণাচলত বাস কৰা মিলি গোত্ৰীয়লোকসকলে ৷ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ গোত্ৰ টাকাম মিলি অপৃন কৌবাঙৰ কেন্দ্ৰীয় ষষ্ঠ-ত্ৰি বাৰ্ষিক অধিৱেশনখনি অহা ২২ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈকে ধেমাজি ৰাইচাপৰিৰ নৰেন্দ্ৰ মিলি ক্ষেত্ৰত অনুষ্ঠিত হ'ব ৷ ইতিমধ্যে উদযাপন সমিতিয়ে শেষ প্ৰস্তুতি চলোৱাৰ বিপৰীতে মূল মণ্ডপ, প্ৰদৰ্শনী, প্ৰতিনিধি সভা গৃহ, পতাকা উত্তোলনস্থলী, ভোজনালয় ইত্যাদি সম্পূৰ্ণ কৰি তুলিছে ৷  

প্ৰায় কুৰি লাখ টকা বাজেটৰ এই মিলি বংশাৱলী অধিৱেশনত ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশৰ প্ৰায় দুইহাজাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব ৷ বৃহত্তৰ ৰাইচাপৰিবাসীয়ে দিনে ৰাতিয়ে প্ৰস্তুতি চলোৱা এই অধিৱেশনত উপস্থিত হ'বলগীয়া সকলোধৰণৰ অতিথিক আদৰিবলৈ সাজু হৈ উঠিছে ৷ লক্ষ্যণীয় যে অধিৱেশনত মিলি বংশৰ বংশলতিকাৰ লগতি এখনি তথ্য সম্বলিত স্মৰণিকাও প্ৰকাশ পাব ৷ উক্ত সমূহ কাৰ্যসূচীত সকলোৰে উপস্থিতি তথা সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে ।  

লগতে পঢ়ক: ওদালগুৰিত উলহ-মালহেৰে বৰদিনৰ প্ৰস্তুতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.