পৰম্পৰাগত তিলপিঠা প্ৰস্তুতেৰে ব্যৱসায়ভিত্তিত সফলতা লাভ টীয়কৰ এগৰাকী মহিলাৰ - Teok News
🎬 Watch Now: Feature Video
Published : Jan 9, 2024, 2:36 PM IST
|Updated : Jan 9, 2024, 4:00 PM IST
টীয়ক, 9 ডিচেম্বৰ : ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৷ ঢেঁকীৰ মাতত ৰজনজনাইছে ৰাজ্যৰ চৌপাশ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ টীয়কৰ কাকজান দুলীয়া গাঁৱৰ ৰূপা বৰাৰ নামৰ মহিলাগৰাকীৰ আখলত এতিয়া সীমাহীন ব্যস্ত । লাখ লাখ তিলপিঠা, পঞ্চাশ হাজাৰ তিলৰ লাড়ু, নাৰিকলৰ লাড়ুকে ধৰি বিভিন্ন বিহুৰ সামগ্ৰী বজাৰলৈ নিবলৈ সাজু কৰি তুলিছে মহিলাগৰাকীয়ে ।
উল্লেখ্য যে, ছয়-সাতবছৰৰ পূৰ্বে ৰূপা বৰাই নিজৰ আখলখনকে ব্যৱসায়িক ভিত্তিত ব্যৱহাৰ কৰি আৰম্ভ কৰা ব্যৱসায়ে বৰ্তমান যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । অসমৰ বিভিন্ন জিলাৰ লগতে অসমৰ বাহিৰতো অসমীয়াৰ খাদ্য সম্ভাৰৰ সোৱাদ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে মহিলাগৰাকীয়ে ।
ইপিনে এই ব্যৱসায়েৰে অঞ্চলটোৰ প্ৰায় দহটা পৰিয়ালক স্বাৱলম্বী কৰি তুলিছে । বছৰৰ বাৰটা মাহতে এইদৰে পৰম্পৰাগত পিঠা-পনা প্ৰস্তুতত ব্যস্ত থকা ৰূপা বৰাই এইবাৰ মাঘ বিহু উপলক্ষে বিশেষভাৱে চুঙা চাউল, দৈ-বৰা চাউল আদি থলুৱা খাদ্য সম্ভাৰ প্ৰস্তুত কৰি ৰাইজক অপ্যায়ণ কৰাৰ প্ৰস্তুতি চলাইছে ।
লগতে পঢ়ক : উদুলি মদুলি যোৰহাটৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই ক্ষেত্ৰ