ঘৰতে পোহনীয়া জন্তু এটা ৰাখিবলৈ বহুলোকে পচন্দ কৰে ৷ মানুহে নিজৰ পছন্দ অনুসৰি পোহনীয়া জন্তু ৰাখিবলৈ ভাল পায় ৷ কোনোৱে যদি কুকুৰ ভাল পায় তেনেহ’লে কোনোৱে আকৌ মেকুৰী ভাল পায় ৷ বৰ্তমান সময়ত ঘৰত পোহনীয়া জন্তু ৰখাটো এক ট্ৰেণ্ডলৈ পৰিণত হৈছে ৷
মানুহে নিজৰ যত্নত খৰচ কৰাতকৈ পোহনীয়া জন্তুৰ খাদ্যৰ বাবে অধিক ধন খৰচ কৰিবলৈ আৰম্ভ কৰিছে ৷ কিন্তু কেতিয়াবা পোহনীয়া জন্তু ৰখাটোও আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷
যদি আপুনি আপোনাৰ পোহনীয়া জন্তুটো ৰখাৰ সময়ত কিছুমান ক্ষেত্ৰত গুৰুত্ব নিদিয়ে তেন্তে ই আপোনাৰ বাবে বিপদজনক হ’ব পাৰে ৷ সেয়ে আজি আমি আপোনালোকক জনাম যে পোহনীয়া জন্তু এটা পোহ-পালন কৰাটো আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাব পাৰে ৷
- পোহনীয়া জন্তুৰ চুলি সৰা
পোহনীয়া জন্তুৰ চুলি সৰাটো সাধাৰণ সমস্যা নহয় ৷ যদি আপোনাৰ পোহনীয়া জন্তুৰ চুলি সৰিছে তেন্তে লগে লগে চিকিৎসকক দেখুৱাওক ৷ কাৰণ জন্তুৰ চুলিত বহু ধৰণৰ বেক্টেৰিয়া থাকে যিয়ে আপোনাক বিপদত পেলাব পাৰে ৷ যদি পোহনীয়া জন্তুটোৰ চুলি আপোনাৰ খাদ্য বা খোৱা পানীত যায় আৰু আপুনি সেইবোৰ বস্তু খায় তেন্তে ই আপোনাৰ শৰীৰত সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে ৷
- অত্যধিক লেলাউটি ওলোৱা
যদি আপোনাৰ পোহনীয়া জন্তুটোৰ লেলাউটি, যাক আমি থু বুলিও কওঁ, বেছিকৈ ববলৈ ধৰিছে, তেন্তে ই অতিকৈ ক্ষতিকাৰক ৷ প্ৰায়ে আমি দেখিছো যে বহু পোহনীয়া জন্তুৰেই প্ৰায়েই লেলাউটি ওলাই থাকে ৷ জনাই দিও যে, এই লেলাউটি ঘৰৰ বহু বস্তু যেনে চোফা, বিচনা বা পাকঘৰৰ বাচনত আৱদ্ধ হৈ পৰে ৷ যদি আপুনি এইবোৰ ব্যৱহাৰ কৰে তেন্তে ই আপোনাৰ বাবে অসুস্থতাৰ কাৰণ হ’ব পাৰে ৷
- সকলোতে লেতেৰা কৰা
যদি আপোনাৰ পোহনীয়া জন্তুটোৱে সকলো ঠাই লেতেৰা কৰে ৷ ঘৰৰ যিকোনো অংশত যদি সি শৌচ কৰে, তেন্তে ই আপোনাক ৰুগীয়া কৰাৰ বাবে যথেষ্ট ৷ গতিকে যেতিয়াই পোহনীয়া জন্তু এটা ৰাখে তেতিয়াই নিশ্চিত হওক যে ই আপোনাৰ শোৱা কোঠা আৰু পাকঘৰৰ পৰা আঁতৰত থাকে ৷ পোহনীয়া জন্তুটোক সদায় বেলকনি বা বাগিচাতেই ৰাখক ৷ কাৰণ তেওঁলোকৰ চুলিত বহু ধৰণৰ বেক্টেৰিয়া থাকে যিয়ে আপোনাক আৰু আপোনাৰ সন্তানক অসুস্থ কৰি তুলিব পাৰে ৷
লগতে পঢ়ক