thumbnail

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 10:07 PM IST

ETV Bharat / Videos

১০ ডিচেম্বৰৰ পৰা পলিঅ' প্ৰতিষেধক অভিযান

বৰপেটা, ৬ ডিচেম্বৰঃ ২০১৪ চনতে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতক পলিঅ'মুক্ত বুলি ঘোষণা কৰিছিল ৷ ইয়াৰ পিচৰ পৰ্যায়ত দেশৰ কোনো শিশুৱেই পলিঅ'ত আক্ৰান্ত হোৱা নাই ৷ অৱশ্যে পাকিস্তান, আফগানিস্তানকে ধৰি কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰত পলিঅ'ত আক্ৰান্ত হৈছে বহু শিশু ৷ সেয়েহে অসমসহ ভাৰতৰ ১৩খন ৰাজ্যক সামৰি আংশিকভাৱে পলিঅ' প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰিছে চৰকাৰে ৷ এই কাৰ্যসূচী সম্পৰ্কে বুধবাৰে বৰপেটাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ হাচমত আলীয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি পলিঅ' প্ৰতিষেধক কাৰ্যসূচীৰ বিষয়ে সদৰী কৰে  ৷

তেওঁ সদৰী কৰা অনুসৰি উক্ত কাৰ্যসূচীৰ অধীনত অহা ১০ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ ৰাজ্যৰ ০ৰ পৰা ৫ বছৰ বয়সৰ ২,৭৯,৯৪০ টি শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব ৷ বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, ১০ ডিচেম্বৰত বুথ পৰ্যায়ত প'লিঅ' প্ৰতিষেধক খুউওৱাৰ সমান্তৰালভাৱে পৰৱৰ্তী দুটা দিনত ঘৰে ঘৰে যোৱাৰ উপৰি ৰাষ্টা-ঘাট, ৰে'লৱে ষ্টেচন, বাছ আস্থান, ইটাভাতা, হাট-বজাৰ আৰু অস্থায়ী বসতি অঞ্চললৈ গৈ এই প'লিঅ' প্ৰতিষেধক কাৰ্যসূচী ৰূপায়ন কৰিব ৷  

ইয়াৰ বাবে বৰপেটাত ১,১২২টা বুথত ৪ গৰাকীকৈ স্বাস্থ্যকৰ্মীয়ে এই কাৰ্যসূচীত সেৱা আগবঢ়াব ৷ ইপিনে, বৰপেটা জিলাত ৪,৬৩৭ গৰাকী স্বাস্থ্যকৰ্মীয়ে এই কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত সেৱা আগবঢ়াব বুলি সদৰী কৰে স্বাস্থ্য বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক:ইণ্ডি এলায়েন্স আই চিই উত থকা বুলি জানিবলৈ দিছে বিজেপিৰ মুখপাত্ৰই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.