Allegation against election officer:গাভৰুভেটি সমবায় সমিতিৰ নিৰ্বাচনতো ৰাজনৈতিক প্ৰভাৱ ! - গাভৰুভেটি সমবায় সমিতিৰ নিৰ্বাচনতো ৰাজনৈতিক প্ৰভাৱ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 27, 2023, 5:06 PM IST

তিনিচুকীয়া, ২৭ জুলাই: তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাভৰুভেটি সমবায় সমিতিৰ নিৰ্বাচনত ৰাজনীতি কৰাৰ  অভিযোগ উত্থাপিত হৈছে । অংশীদাৰ সকলৰ মাজত অনুষ্ঠিত হ'বলগীয়া সাধাৰণ নিৰ্বাচনত ৰাজনৈতিক দলৰ নাম আৰু বিধায়কৰ ফটো সম্বলিত প'ষ্টাৰ প্ৰচাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ । এই সন্দৰ্ভত সৰৱ হৈ সচেতন লোকসকলে বুধবাৰে সম্বোধন কৰে এখন সংবাদমেল ৷

১৯৭৩ চনতেই স্থাপন হোৱা গাভৰুভেটি সমবায় সমিতিক ৰাজনীতিৰ নামত কালিমা সনা কাৰ্যক তীব্ৰ সমালোচনা কৰিছে স্থানীয় একাংশ অংশীদাৰ সকলে । ইফালে, গাভৰুভেটি সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচনৰ দায়িত্ব লাভ কৰা নিৰ্বাচনী বিষয়াই গাফিলতি কৰাৰো অভিযোগ উত্থাপিত হৈছে ।  

মনোনয় পত্ৰ দাখিলৰ সময়ত অংশীদাৰ সকলৰ সলনি বাহিৰৰ পৰা অহা ৰাজনৈতিক ব্যক্তিয়ে নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি পৰামৰ্শ দিয়াৰো অভিযোগ উঠিছে । উল্লেখ্য় যে অহা ৩০ জুলাইত গাভৰুভেটি সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব । 

লগতে পঢ়ক:Protest in silsako beel: উচ্ছেদিতৰ প্ৰতিবাদত উত্তাল শিলসাঁকো; মুখ্যমন্ত্ৰী, জি এম ডি এ ৰ অধ্যক্ষৰ জুমুঠি দাহ 

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.