চিলাপথাৰত ৰাজ্যিক ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ আয়োজন - বালিজান বৰ নামঘৰত ভাওনা সমাৰোহ
🎬 Watch Now: Feature Video


Published : Dec 11, 2023, 5:42 PM IST
জোনাই, ১১ ডিচেম্বৰ: ধেমাজি জিলাৰ চিলাপথাৰত অহা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অসম ভিত্তিত ভাওনা সমাৰোহ । মনিকাঞ্চন শিল্পী সমাজ, চিলাপথাৰৰ উদ্যোগত বালিজান বৰ নামঘৰৰ সহযোগত ৰাজ্যিক ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । যাক লৈ এতিয়া উদযাপন সমিতিয়ে চলাইছে প্ৰস্তুতি । ২০২৪ৰ ১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৮ ফ্ৰেব্ৰুৱাৰী লৈ অনুষ্ঠিত হ'ব এই ভাওনা সমাৰোহৰ ।
এই সমাৰোহখনিত অসমৰ বিভিন্ন ঠাইৰ ভাওনা দলসমূহক অংশগ্ৰহণৰ বাবে অহা ২০ ডিচেম্বৰৰ ভিতৰত নাম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে উদযাপন সমিতিয়ে । ২২ ডিচেম্বৰত উদযাপন সমিতিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ১৫ টাকৈ দ'লক নিৰ্বাচন কৰি প্ৰকাশ কৰিব তালিকা । ইয়াৰে ৬ টাকৈ বিজয়ী দলৰ প্ৰথম দলটোক ১ লাখ, দ্বিতীয় ৮০ হেজাৰ, তৃতীয় ৬০ হেজাৰ, চতুৰ্থ ৪০ হেজাৰ, পঞ্চম ৩০ হেজাৰ আৰু ষষ্ঠ দলটোক ২০ হেজাৰ টকাকৈ নগদ ধনেৰে কৰা হ'ব পুৰস্কৃত ।
উদযাপন সমিতিয়ে উল্লেখ কৰা মতে, একক ভাবেও ১৬ টাকৈ দলক প্ৰদান কৰা হ'ব আকৰ্ষনীয় পুৰস্কাৰ । শীঘ্ৰেই ভাওনা সমাৰোহত অংশগ্ৰহণ কৰিবৰ বাবে উদযাপন সমিতিৰ 7002633421 নম্বৰত যোগাযোগৰ লগতে বা 8486258188 থকা Whatsapp নম্বৰত দলৰ নাম প্ৰেৰণ কৰি অন্তৰ্ভুক্ত কৰিব পাৰিব প্ৰতিযোগিতাত ।
লগতে পঢ়ক:উচ্ছেদৰ পৰা ৰেহাই নাপালে মছজিদো : গোৱালপাৰাত তীব্ৰ প্ৰতিক্ৰিয়া