মৰাণ, ৯ ফেব্ৰুৱাৰী: বসন্তৰ আগমনৰ লগে লগে পলাশ, শিমলু, ৰঙা মদাৰে হাতবাউল দি মাতিছে উতলা ফাগুনক । এই উতলা ফাগুনৰ সময়তে অসমৰ অন্য়তম জনগোষ্ঠী মিচিং সকলৰ পবিত্ৰ আলি আঃয়ে লৃগাং অনুষ্ঠিত হ'ব ফাগুনৰ প্ৰথমটো বুধবাৰত । আলি আঃয়ে লৃগাঙৰ বাবে ইতিমধ্যে ৰাজ্যৰ চৌদিশে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে ডিব্ৰুগড়তো আলি আঃয়ে লৃগাঙৰ ব্যাপক প্ৰস্তুতি চলিছে । মিচিং ঐনিতমৰ সুৰৰ তালত কঁকাল ঘূৰাই নাচি আদৰৰ আলি আঃয়ে লৃগাং উৎসৱটিক আদৰিবলৈ সাজু হৈছে কনেং আৰু কাংকানসকল (Ali Aye Ligang 2023) ৷
ডিব্ৰুগড়ৰ ৰমাই লাচন গাঁৱত আলি আঃয়ে লৃগাঙৰ ব্যাপক প্ৰস্তুতি চলিছে (Preparation of Ali Aye Ligang in Dibrugarh)। ডেকা-গাভৰু, পুৰুষ-মহিলা সকলোৱে একত্ৰিত হৈ গুমৰাগ নৃত্যৰ লগতে ঐনিতমৰ সুৰেৰে মোহাচ্ছন্ন কৰি তুলিছে চৌদিশৰ পৰিৱেশ । অপূৰ্ব জনগোষ্ঠীয় সাজপাৰৰ লগতে ঢোলৰ গুমগুমনি আৰু নাচৰ তালে তালে যেন সকলোৱে লহৰ তুলিছে আলি আঃয়ে লৃগাং অনুষ্ঠিত হ’ব লগা আয়োজন স্থলীত ।
মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাঙলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰমাই লাচন গাঁৱত লৃগাঙৰ ব্যাপক প্ৰস্তুতি চলিছে । টিংখাং সমষ্টিৰ অন্তৰ্গত নতুন ৰমাই লাচন গাঁৱত মিচিং জনগোষ্ঠীৰ ডেকা-গাভৰুসকল এক লগ হৈ আলি আঃয়ে লৃগাঙৰ বাবে আখৰাত ব্যস্ত হৈ পৰিছে । ঐনিতমৰ সুৰত জীপাল হৈ পৰিছে সমগ্ৰ অঞ্চল ।
শতাধিক পৰিয়ালে বসবাস কৰা এই অঞ্চলটোত বয়োজ্যেষ্ঠ সকলে ছাঁই মদকে ধৰি আলি আঃয়ে লৃগাঙৰ প্ৰয়োজনীয় সকলো সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে । মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত সাজ পিন্ধি আখৰাত ব্যস্ত হৈ পৰা জীয়ৰী-বোৱাৰীসকলে তাঁতশালত আপোনজনৰ বাবে বস্ত্ৰ বোৱাত ব্যস্ত হৈ পৰিছে । উল্লেখ্য় যে আলি আঃয়ে লৃগাঙৰ অৰ্থ হ’ল শস্য ৰোপণৰ আৰম্ভণি । আলি মানে হৈছে মূল বা কাণ্ড, আঃয়েৰ অৰ্থ হ’ল ফল বা গুটি আৰু লৃগাং মানে হ’ল সিঁচিবলৈ আৰম্ভ কৰা ।
লগতে পঢ়ক:Dumpers and tractors seized in Behali : বন মাফিয়াৰ বিৰুদ্ধে বন বিভাগৰ অভিযান, জব্দ ডাম্পাৰ আৰু টেক্টৰ