লাহোৱালত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব মেচ-কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 9:17 PM IST

thumbnail

মৰাণ, 9 ডিচেম্বৰ : লাহোৱালৰ চিৰিংহোলাৰ মুক্তিযোদ্ধা হৰেণ মেচ সমন্বয় ক্ষেত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব মেচ কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস ৷ 18 আৰু 19 ডিচেম্বৰত অনুষ্ঠিত হ'ব এই প্ৰতিষ্ঠা দিৱস ৷ সদৌ অসম মেচ কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত নৱম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু প্ৰথম বাৰ্ষিক মেচ কছাৰী চেতনা দিৱসৰ আজি লাইখুটা স্থাপন কৰা হয় ৷

লাহোৱালৰ চিৰিংহোলা মুক্তিযোদ্ধা হৰেণ মেচ সমন্বয় ক্ষেত্ৰত লাইখুটা স্থাপন কৰে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই ৷ চাবুৱাৰ বিধায়ক গৰাকীক প্ৰথমে মেচ-কছাৰী জনগোষ্ঠীৰ নীত- নিয়মেৰে আদৰি আনে মুক্তিযোদ্ধা হৰেণ মেচ সমন্বয় ক্ষেত্ৰলৈ ৷

ইয়াৰ পাছতে ধৰ্মীয় নীতি-নিয়মেৰে, গায়ন-বায়নেৰে সেৱা জনাই লাইখুটা স্থাপন কৰা হয় ৷ আজিৰ লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে অগপ নেত্ৰী অঞ্জলী গগৈ, সদৌ অসম মেচ-কছাৰী ছাত্ৰ সন্থাৰ সভাপতি পৰমানন্দ মেচ, সম্পাদক দীপ মইনা মেচৰ লগতে স্থানীয় ৰাইজ ৷ 

লগতে পঢ়ক : ৰঙিয়াত বিকশিত ভাৰত সংকল্প যাত্ৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.