গুৱাহাটী : এটা অমাত জীৱ ৷ যিয়ে মানুহৰ দৰে ব্যক্ত কৰিব নোৱাৰে নিজৰ বেথা ৷ জংঘলৰ মাজত যি পাই তাকে খোৱা এটা অমাত জীৱই খদ্যটো দূৰৰ কথা এচলু পানী খাবলৈও ৰাস্তাৰে পাৰ হৈ যোৱা মানুহৰ বাবে সি অপেক্ষা কৰে ৷ এই প্ৰতিবেদনটোত আমি ক’বলৈ লৈছে এটা গজৰাজৰ কথা ৷ হয়, আজি আমি বন্যহস্তী আৰু মানুহৰ সংঘাতৰ কথা নহয়, বৰঞ্চ ক’বলৈ লৈছো এটা গজৰাজৰ দোষৰ কথাহে ৷
গুৱাহাটী মহানগৰীৰ বীৰকুচি অঞ্চলত শাৰীৰিক যান্ত্ৰণাত চটফটাই আছে লালি নামৰ এটা বন্যহস্তীয়ে ৷ স্থানীয় ৰাইজে উল্লেখ কৰা মতে, প্ৰায় ৩ মাহৰ আগতে খাদ্যৰ সন্ধানত আমচিং অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীটোৱে ভৰিত আঘাত পাইছিল ৷ সেই তেতিয়াৰে পৰা নাৰেংগী সেনা শিবিৰৰ চৌহদৰ চাৰিসীমাৰ ভিতৰতে আবদ্ধ হৈ আছে লালি ৷
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ভৰিত আঘাতপ্ৰাপ্ত হাতীটোৰ বিষয়ে সকলো জানিও বন বিভাগৰ ফালৰ পৰা কোনো উপযুক্ত চিকিৎসা প্ৰদান কৰা নাই ৷ আনকি পৰ্যাপ্ত পৰিমাণৰ খাদ্য যোগান ধৰাৰ ক্ষেত্ৰতো বন বিভাগে কৃপণালি কৰাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে ।
জানিব পৰা মতে, হাতীটোৰ পিছফালৰ ঠেং এখন ফুলি যোৱাৰ বাবে খোজকঢ়াত অসুবিধাৰ হৈছে । আনহাতে বন্যহস্তীটোৰ খাদ্যৰ ক্ষেত্ৰত স্থানীয় ৰাইজে সেনা বাহিনীৰ সীমাৰ বেৰৰ ফাকেৰে হ’লেও কলগছ তথা খাদ্যবস্তু যোগান ধৰাৰ চেষ্টা কৰিছে । সম্প্ৰতি হাতীটোৰ স্বাস্থ্য কিছু অৱনতি ঘটিছে ৷ যাক লৈ চিন্তিত হৈছে স্থানীয় লোক ৷ সেয়ে লালিক উদ্ধাৰ কৰি উন্নত চিকিৎসা প্ৰদান কৰাৰ বাবে স্থানীয় ৰাইজে বন বিভাগে দাবী জনাইছে ৷
লগতে পঢ়ক : বন্যহস্তীলৈ কলগছ, শৰাই-নৈবদ্য লগতে পঢ়ক : আম্বানীৰ 'বনতাৰা' সাজু হৈছে অৰুণাচলৰ পৰা নিয়া ২০ টা হাতীক আদৰিবলৈ |