Daul Utsav in Barpeta : বৰপেটা সত্ৰত দৌল মহোৎসৱৰ প্ৰস্তুতি - দৌল মহোৎসৱৰ প্ৰস্তুতি
🎬 Watch Now: Feature Video
বৰপেটা, ২৬ ফেব্ৰুৱাৰী : আকৌ আহিল দৌল মহোৎসৱ (Daul Utsav in Assam) ৷ অহা ৬ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে বৰপেটা সত্ৰত অনুষ্ঠিত হ’ব দৌল মহোৎসৱ ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি পালন কৰা দৌল মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ৬ মাৰ্চত বহ্নুৎসৱ, ৭ আৰু ৮ মাৰ্চত ভৰদৌল আৰু ৯ মাৰ্চত অনুষ্ঠিত কৰা হ’ব সুৱেৰী বা ফাকুৱা (Daul Utsav in Barpeta) ৷
সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে অনুষ্ঠিত বৰপেটা সত্ৰৰ বিখ্যাত দৌল মহোৎসৱৰ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে ৷ সত্ৰৰ বিভিন্ন বংশৰা আৰু সম্প্ৰদায়সমূহে দৌল মহোৎসৱৰ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি সত্ৰৰ দৌল মহোৎসৱ বা আন তিথি, অনুষ্ঠান আদি পালনৰ ক্ষেত্ৰত যথাবিধি বংশানুক্ৰমে বিভিন্ন বংশৰা আৰু সম্প্ৰদায়ে দায়িত্ব পালন কৰি আহিছে ৷
লগতে পঢ়ক : Elephant export from Assam : অসমৰ পৰা বহিঃৰাজ্যলৈ হাতী নিবৰ বাবে প্ৰস্তুতি
পূৰ্ব পৰম্পৰা ৰক্ষা কৰি সেইমতে সত্ৰৰ বংশৰাসকলেও দৌল মহোৎসৱৰ প্ৰস্তুতি চলাই আছে ৷ উল্লেখ্য যে, এইবেলি চাৰিদিনীয়াকৈ অনুষ্ঠিত দৌল মহোৎসৱক লৈ বৰপেটা সত্ৰ সমিতিয়েও ব্যাপক প্ৰস্তুতি চলাই আছে ৷ অনহাতে, দেওবাৰে বৰপেটা সত্ৰ সমিতিৰ লগতে স্থানীয় ব্যক্তিসকলেও অতিথিক আদৰিবলৈ সত্ৰখনত চাফা চিকুন কৰি থকা দেখিবলৈ পোৱা গৈছে (Preparation for Daul Utsav in Barpeta)৷
আনকি বটদ্ৰৱা সত্ৰটো বিগত বৰ্ষৰ লেখিয়াকৈ এই বছৰো 6 মাৰ্চৰ পৰা 10 মাৰ্চলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰা বাবে যুদ্ধকালীন গতিৰে প্ৰস্তুতি চলিছে (Preparation for Daul Utsav at Batadrava) । ইতিমধ্যে শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ তত্বাৱধানত দৌল উৎসৱটি নিয়াৰিকৈ চলাই নিয়াৰ বাবে কেবাখনো উপ সমিতি গঠন কৰা হৈছে ।
লগতে পঢ়ক : Daul Utsav Preparation: বটদ্ৰৱাত পাঁচ দিনীয়াকৈ দৌল যাত্ৰা মহোৎসৱৰ প্ৰস্তুতি