South East Asian Cultural Conference: শংকৰদেৱ কলাক্ষেত্ৰত দক্ষিণ পূৱ এছিয়াৰ শিল্পীৰ সাংস্কৃতিক সন্মিলনৰ প্ৰস্তুতি - Preparation for Cultural Conference

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 17, 2022, 9:36 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব দক্ষিণ-পূৱ এছিয়াৰ ছখন দেশৰ শিল্পীৰ সাংস্কৃতিক সন্মিলন (South East Asian Cultural Conference 2022) ৷ অহা ৩, ৪ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই সন্মিলন ৷ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান উত্তৰ-পূৱ আশীৰ্বাদ ফাউণ্ডেচনৰ (North East Aashirvad Foundation) উদ্যোগত তথা জিৰচং থিয়েটাৰ, টাই-আহোম যুৱ পৰিষদ আৰু উত্তৰায়ণ প্ৰকাশনৰ সহযোগত হ’ব এই সন্মিলন ৷ দক্ষিণ-পূৱ এছিয়াৰ ৬ (ছয়)খন দেশ - ভাৰত, ভূটান, বাংলাদেশ, নেপাল, লাওচ, থাইলেণ্ড আৰু ভিয়েটনামৰ প্ৰতিনিধি শিল্পীৰ অংশগ্ৰহণেৰে দক্ষিণ-পূৱ এছিয়া সাংস্কৃতিক সন্মিলনখন শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আৰু মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব । আজি গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল যোগে এই কথা সদৰি কৰে আয়োজক মণ্ডলীয়ে ৷
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.