Pregnant elephant dies:বাক্সা জিলাৰ নিকাচিত বিদ্যুৎস্পৃষ্ট হৈ গাভিনী হাতীৰ মৃত্যু - শ্বৰ্ট চাৰ্কিটত মৃত্যু

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 5:54 PM IST

বাক্সা, ২৬ ছেপ্টেম্বৰ : বাক্সাত হাতী মানুহৰ সংঘাত চলি থকাৰ সময়তে মঙলবাৰে নিকাচিৰ ভূটানখুটিত এজনী গাভিনী হাতীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় ৷ ভূটানখুটিৰ এছ এছ বি কেম্প আৰু ফৰেষ্ট কেম্পৰ মাজত চিমলাবস্তিত ঘটে এই ঘটনা ৷

ঘটনাৰ খবৰ পাই মুছলপুৰত থকা বাতাবাৰী ৰেঞ্জৰ বন বিষয়া ৰজনী দৈমাৰীৰ এটা দলে গৈ মৃত হাতীজনী উদ্ধাৰ কৰে  ৷ বন বিষয়াই জানিবলৈ দিয়া মতে, সেই ঠাইডোখৰ হাতী বিচৰণ কৰা ঠাই যদিও একাংশ লোকে সেই ঠাইত আহি বসবাস কৰিবলৈ লৈছে আৰু হাতীৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে ইলেকট্ৰিক শ্বকৰ সহায় লয় ৷

সোমবাৰৰ নিশা হাতীৰ বিচৰণৰ ঠাইত বাস কৰা এজন লোকে গাঁৱৰ পৰা অহা মেইন লাইনৰ পৰা তাঁৰ টানি লগাই থৈছিল ৷ নিশা খাদ্যৰ সন্ধানত আহি এজনী গাভিনী হাতী তাঁৰত লাগি ধৰে আৰু মৃত্যু ঘটে ৷ ইতিমধ্যে হাতীজনীৰ পোষ্টমৰ্টেম কৰা হৈছে ৷ প্ৰশাসনৰ নিৰ্দেশ অৱজ্ঞা কৰি তাত বাস কৰি ইমান এটা ডাঙৰ অপৰাধ কৰা মোহন লাল তামাং (৬০) আৰু তেওঁৰ পুত্ৰ আশিস তামাঙক (১৫) বন বিভাগে সোধ-পোচৰ কাৰণে মুছলপুৰলৈ লৈ যায় ৷

লগতে পঢ়ক : Wild Elephant Died: ৰঙাপৰাত বোকাৰ মাজত আৱদ্ধ বনৰীয়া হাতীৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.