Dergaon Youth Suicide Case : আৰক্ষীৰ অত্যাচাৰৰ বলি হৈ আত্মহনন কৰা অজয়ৰ আত্মাৰ সদগতি কামনাৰে প্ৰাৰ্থনা

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 10:57 PM IST

thumbnail

যোৰহাট, 26 অক্টোবৰ : আৰক্ষীৰ অত্যাচাৰ বলি হোৱা অজয় দত্তৰ আত্মাৰ সদগতিৰ বাবে দেৰগাঁওবাসীয়ে কৰিলে প্ৰাৰ্থনা ৷ অজয় দত্তৰ মৃত্যুক লৈ দেৰগাঁৱৰ দলমুখ গাঁৱৰ ৰাইজৰ বন্তি প্ৰজ্জ্বলন । উল্লেখ্য যে, মঙলবাৰে পূজা চাবলৈ বুলি সমনীয়াৰ সৈতে দেৰগাঁৱৰ পূজাৰ মেলালৈ আহোতে বিয়লি প্ৰায় ৪ বজাত পথৰ মাজতে এক কাজিয়াৰ সূত্ৰপাত হয় অজয় দত্তৰ । ইয়াৰ পাচতে আৰক্ষীয়ে যুৱকজনক কৰায়ত্ব কৰি ৰাজহুৱাভাৱে প্ৰহাৰ কৰে আৰু তাতে ক্ষান্ত নাথাকি গাড়ীত উঠাই লৈ যায় । যুৱকজনক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি প্ৰায় দুঘন্টাৰ পাচত ঘৰৰ কোনো লোকক অৱগত নকৰাকৈ এৰি দিয়ে । আৰক্ষীয়ে বিনা কাৰণত কৰা দুৰ্ব্যৱহাৰ আৰু ৰাজহুৱাভাৱে অত্যাচাৰ কৰা সকলো বিৱৰি যুৱকজনে চ'ছিয়েল মিডিয়াত এক ভিডিঅ’ আপলোড কৰাৰ লগতে চৰমপন্থা গ্ৰহণ কৰে ৷ ইয়াৰোপৰি মাকক চাবলৈ অনুৰোধ কৰি এক বাৰ্তা এৰি থৈ গৈছিল নিজ বন্ধুলৈ ।

লগতে পঢ়ক : Youth commits suicide: আৰক্ষীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহনন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.