Pramod Boro on Hagrama: হাগ্ৰামাৰ বিৰুদ্ধে সাজু আছে 18 হাজাৰ কোটি টকীয়া দুৰ্নীতিৰ ফাইল

By

Published : Nov 21, 2022, 3:32 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail
দুবছৰ ধৰি বিটিচি পৰিষদৰ অধিবেশনত উপস্থিত নাই হাগ্ৰামা মহিলাৰী (Ex BTC chief Hagrama Mahilary) ৷ সেয়ে হাগ্ৰামা মহিলাৰী হেৰোৱা বুলি জাননী জাৰী কৰিব লাগে ৷ সোমবাৰে বাক্সা জিলাৰ বৰমাত এই মন্তব্য কৰে বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে (BTC Chief Pramod Boro) ৷ বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত এক অনুষ্ঠানত মাটিৰ পট্টা বিতৰণ কৰে প্ৰমোদ বড়োৱে (Land patta distribution in Barama) ৷ সেই সভাতে নিজৰ ভাষণত প্ৰমোদ বড়োৱে কয় যে, বিপিএফে 17 বছৰে কোনো উন্নতি সাধিব নোৱাৰিলে বিটিআৰত ৷ এতিয়া দুৰ্নীতিক লৈ প্ৰশ্ন তোলা হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে 18 হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ ফাইল সাজু হৈ আছে ৷ অতি সোনকালেই ইয়াৰ বিহিত ব্যৱস্থা লোৱা হ’ব বুলিও উল্লেখ কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ৷ উক্ত অনুষ্ঠানত উপ মুখ্য কাৰ্যবাহী গোৱিন্দ বসুমতাৰীৰ লগতে কেইবাজনো ই এম, এম চি এল এ উপস্থিত থাকে ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.