thumbnail

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 9:06 PM IST

Updated : Jan 1, 2024, 9:20 PM IST

ETV Bharat / Videos

গুৰুতৰভাৱে অসুস্থ মোহনখ্যাত দ্বীপজ্যোতি কেওঁট

গুৱাহাটী, ১ জানুৱাৰী : জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁট গুৰুতৰভাৱে অসুস্থ । হৃদৰোগত আক্ৰান্ত হৈ মহানগৰীৰ হেল্থ চিটি হাস্পতালত ভৰ্তি ‘‘বেহাৰবাৰী আউট পোষ্ট’’ ধাৰাবাহিকত 'মোহন' চৰিত্ৰৰে জনপ্ৰিয় হৈ পৰা অভিনেতা দ্বীপজ্যোতি কেওঁট ।

জানিব পৰা মতে, সোমবাৰে বিয়লি প্ৰায় তিনি বজাত হৃদৰোগত আক্ৰান্ত হোৱাত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালখনত । ইতিমধ্যে চিকিৎসকে অভিনেতাগৰাকীক এক অস্ত্ৰোপচাৰো সম্পন্ন কৰা বুলি জানিব পৰা গৈছে । হেল্থচিটি হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ মায়ংক আগৰৱালাৰ নেতৃত্বত চিকিৎসকৰ এটা দলে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে বুলি জানিব পৰা গৈছে ।

হঠাৎ অভিনেতাগৰাকীৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে চিন্তিত হৈ পৰিছে অনুৰাগীসকল । উল্লেখ্য যে, অসমীয়া ধাৰাবাহিক, বিভিন্ন চুটি ছবি, মিউজিক ভিডিঅ’ আদিৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওঁট । "বেহাৰবাৰী আউটপোষ্ট" ধাৰাবাহিকখনৰ জৰিয়তে বিশেষভাৱে জনপ্ৰিয়তা অর্জন কৰিবলৈ সক্ষম হৈছে অভিনেতাগৰাকী ।

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত "মোহন"ৰ চৰিত্ৰৰ যোগেৰে হাস্যৰস প্ৰদান কৰি অসমবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছে অভিনেতাগৰাকী ।

লগতে পঢ়ক : স্বাস্থ্য সচেতন মন্ত্ৰীৰ ব্যতিক্ৰমী নতুন বছৰৰ শুভেচ্ছা

Last Updated : Jan 1, 2024, 9:20 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.