thumbnail

By

Published : Jul 13, 2023, 9:26 PM IST

ETV Bharat / Videos

Road reconstruction: হায় উন্নয়ন! পথ মেৰামতি কৰিবলৈ ওলাই আহিল মহিলা

মঙলদৈ, 13 জুলাই : ৰাইজে নখ জোকাৰিলে নৈ বয়... এই আপ্তবাক্যশাৰীকে পুনৰ প্ৰমাণ কৰি দেখুৱালে মঙলদৈৰ এইসকল মহিলাই ৷ চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাইহে বজায় তাৰ পিচতো আজিও কিছু অঞ্চলত ঢুকি পোৱা নাই চৰকাৰী আঁচনিয়ে, জনসাধাৰণৰ সমস্যা শুনিবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ ৷ দৰং জিলাৰ মঙলদৈৰ গেৰিমাৰী গাঁৱৰ এটি পথে জ্বলা-কলা খুৱাইছে ৰাইজক ৷ ফলত বৃহস্পতিবাৰে উপায়ন্তৰ হৈ বহু মহিলা ওলাই আহি মেৰামতি কৰিছে পথচোৱা। 

মঙলদৈ চহৰৰ গাতে লাগি থকা মোৱামাৰী পঞ্চায়তৰ মহিলাসকলে হাতে হাতে কোৰ লৈ ওলাই আহিল বিধ্বস্ত পথটো মেৰামতি কৰিবলৈ ৷ বাৰম্বাৰ মোৱামাৰী পঞ্চায়তত আবেদন কৰিও সহাঁৰি পোৱা নাছিল ৰাইজে ৷  

বিগত দীন ধৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি ৰাইজে অহা-যোৱাত বহু অসুবিধাৰ সন্মুখীন হৈছিল ৷ অৱশেষত নিজৰ গাঁঠিৰ ধন খৰচ কৰি ভঙা ইটাৰে কিছু মেৰামতি কৰাত লাগি পৰিল মহিলাসকল ৷ নিৰ্বাচন আহিলেই কি পঞ্চায়ত, কি বিধায়ক সকলো জনপ্ৰতিনিধিয়ে পথ মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰে যদিও এতিয়া কাণসাৰ নাই জনপ্ৰতিনিধিৰ। সেয়ে আগন্তুক নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে স্থানীয় মহিলাসকলে।

লগতে পঢ়ক: Assam flood situation:বঙাইগাঁৱত আই নৈৰ ভয়ংকৰ ৰূপ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.