Karbi Anglong road condition:বাৰিষাৰ ঢলে উটুৱাই নিলে ওলমা দলং, ৰাইজৰ বিলৈ

By

Published : Jun 26, 2023, 7:46 PM IST

thumbnail

কলিয়াবৰ, 26 জুন :  দেওপানী নৈৰ বুকুৰে বিপদসংকুল যাত্ৰা । বাৰিষাৰ এই সময়ছোৱাত ভয়ংকৰভাৱে নৈৰ বুকুৰে কেইবা হাজাৰলোকে যাতায়ত কৰিবলগীয়া পৰিস্থিতি হৈছে । নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী কলিয়াবৰৰ কুঠৰীৰ দাঁতি কাষৰীয়া কাৰ্বি আংলঙৰ চ’চেন-ধেণ্টা পৰিষদীয় সমষ্টিৰ দৃশ্য এইয়া । পাহাৰীয়া জিলা কাৰ্বি আংলং সীমান্তৰ ৰংমংৱে অঞ্চলৰ যাতায়ত ব্যৱস্থা এইয়া ।

বাট-পথৰ দুৰাৱস্থা আৰু যাতায়ত ব্যৱস্থাই দাঙি ধৰিছে কাৰ্বি আংলঙত উন্নয়নৰ প্ৰকৃত ছবি । নৈৰ সোঁত ফালি প্ৰতিদিনে যাতায়ত অব্যাহত ৰাখিছে অঞ্চলটোৰ সাতখনকৈ গাঁৱৰ বাসিন্দাই । দেওপানী নৈৰে বিপদসংকুল ভাৱে যাতায়ত কৰি আছে সাধাৰণ জনতাই । ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, মহিলা-পুৰুষ, বৃদ্ধ-বৃদ্ধাই এইদৰেই দৈনিক যাতায়ত কৰিব লগা হৈছে নৈৰ বুকুৱেদি ।

দেওপানী নৈৰ ওপৰত থকা ওলমা দলঙখন মেৰামতি অভাৱত জহি-খহি গৈছিল । শেহতীয়াকৈ দেওপানীৰ নৈৰ কোবাল সোঁতে উটুৱাই নিলে ওলমা দলংখনো । যাৰ ফলত দেওপানী নৈৰে বিপদসংকুল ভাৱে যাতায়ত কৰি আছে সাধাৰণ জনতাই ।

লগতে পঢ়ক : Maha Jansampark Abhiyan: অসমৰ বান সমস্যাক লৈ সৰ্বাধিক চিন্তিত কেন্দ্ৰ; নলিন কোহলি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.