thumbnail

By

Published : May 18, 2023, 5:39 PM IST

ETV Bharat / Videos

Sorbhog News: চাহ-চিঙৰা বিক্ৰী কৰা 50 উৰ্ধৰ দুই ভগ্নীৰ কৰুণ জীৱন গাঁথা

বৰপেটাৰোড, 18 মে’ : সৰভোগৰ ভেৰভেৰী গাঁৱৰ 50 উৰ্ধৰ দুই ভগ্নী ৷ নাম পৰবিতা নাথ আৰু নিৰ্মলা নাথ ৷ প্ৰায় 40 বছৰ পূৰ্বৰে পৰাই সৰভোগৰ পশ্চিম বৰনগৰ হাই স্কুলৰ কাষতে এখন চাহ দোকান দি কোনোমতে পেটে ভাতে খাই জীৱন সংগ্ৰাম চলাই গৈছে (Poor condition of two old women)। আনৰ পৰা কিছু টকা ধাৰে লৈ পাঁচ-ছয়খন টিনপাতৰে এখন চালি বনাই দোকান দি কোনোমতে ঘৰ সংসাৰ কৰি জীৱন নিৰ্বাহ কৰি আহিছে দুই বৃদ্ধাই ৷

জানিব পৰা মতে, কেইবাবছৰ পূৰ্বে 50 উৰ্ধৰ দুই ভগ্নীয়ে একেজন পুৰুষলৈকে বিবাহপাশত আবদ্ধ হৈছিল ৷ কিন্তু প্ৰায় পাঁচ মাহ পূৰ্বে তেওঁলোকৰ স্বামীৰ মৃত্যু হয় ৷ তাৰ পাচতেই দিগ-বিদিগ হেৰুৱাই দিশহাৰা হৈ পৰিছিল দুই ভগ্নী ৷ আনকি স্বামীহাৰা এই দুই ভগ্নীয়ে শেষত নিজ ভাতৃৰ সৈতে এই দোকানত দিনত চাহ-চিঙৰা বিক্ৰী কৰি মাত্ৰ এশ-দুশ টকাৰে পেটে-ভাতে জীৱন পাৰ কৰিব লগাত পৰিছে (Poor old women at Sorbhog) ।

তথ্য অনুসৰি, এই দুই ভগ্নীয়ে আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য ৷ সেয়ে সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা পৰা সহায় বিচাৰিছে এই দুই ভগ্নীয়ে (Poor old women of Sorbhog needs govt help) ৷

লগতে পঢ়ক : Junmoni Rabha death case: মৰিকলং আৰক্ষীৰ ভাষ্য গ্ৰহণ চি আই ডিৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.