No electricity connection: বিদ্যুতৰ ব্যৱস্থা নাই, ম’বাইলৰ ফ্লাচ জ্বলাই ভকতিত নিমগ্ন ভকত

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 8:17 AM IST

thumbnail

মাজুলী, 25 আগষ্ট : এতিয়া পবিত্ৰ ভাদ মাহ । সত্ৰ নগৰী মাজুলীৰ 36 খন সত্ৰ আৰু তিনি শতাধিক নামঘৰত চলিছে ভাদ মহীয়া নাম কীৰ্তন । এক কথাত ক’বলৈ গ’লে, ভক্তি ৰসত বিলীন হৈছে সত্ৰ নগৰী মাজুলী । যি সময়ত চন্দ্ৰযান-3 সফলভাৱে চন্দ্ৰত অৱতৰণ কৰিলে, সেই একে সময়তে শংকৰ-মাধৱৰ মণিকাঞ্চন ক্ষেত্ৰ আঁহতগুৰিত টৰ্চ আৰু ম’বাইলৰ পোহৰত ভাদ মাহৰ নিশা ভাগৱত পাঠ পঢ়িব লগা হৈছে ।

দেশৰ স্বাধীনতাৰ 77 বছৰৰ পিচতো শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনস্থলী আঁহতগুৰিত নাই বিদ্যুতৰ পোহৰ ৷ 2017 চনত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰিত চ’লাৰ প্ৰজেক্টৰ ব্যৱস্থা কৰিছিল যদিও পাঁচ বছৰ ওকলাৰ পিচত এতিয়া নজ্বলে লাইট, নচলে ফেন ।

সেয়ে এই মণিকাঞ্চন ক্ষেত্ৰত অতি সোনকালে জিলা প্ৰশাসন আৰু বিধায়কগৰাকীক বিদ্যুৎ ব্যৱস্থা যোগান দিবৰ বাবে আহ্বান জনাইছে গাঁওবাসীয়ে । আজিৰ তাৰিখতো গাঁওবাসীয়ে টৰ্চ, চাকি আদিৰ পোহৰত গুৰুজনাৰ মিলনস্থলীত নিতৌ কৰিব লগা হৈছে পবিত্ৰ ভাদ মাহৰ নাম-প্ৰসংগ ।

লগতে পঢ়ক : Holy Bhada month : ভক্তি ৰসত বিলীন সত্ৰনগৰী মাজুলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.