PM har ghar jal yojana2022 : নলবাৰীত খোৱাপানীৰ নামত অধিকাংশই সেৱন কৰিব লগা হৈছে বিষ ! - Poor development scheme of central government

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 6, 2022, 2:19 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সমষ্টিত এতিয়া পানীৰ নামত যেন সেৱন কৰিব লগা হৈছে বিষ । মন্ত্ৰীগৰাকীৰ নিজ সমষ্টিৰ অন্তৰ্গত কৰ্দেতোলাত পানী নামত চলিছে প্ৰহসন । নলবাৰী সংমণ্ডলৰ অন্তৰ্গত কৰ্দৈতোলা অঞ্চলৰ ৰাইজে চৰকাৰৰ ঘৰ ঘৰ নলেৰে পাই আহিছে কেৱল ঘোলাময় পানী (Public health department supplying muddy water in Nalbari)। কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ঘৰে ঘৰে জল ঘৰে ঘৰে নল নহৈ হৈছেগৈ যেন ঘৰে ঘৰে মল । ৰাইজৰ অভিযোগ ৫ /৬ মাহ ধৰি পানীৰ পাইপ ফুটি থকাৰ পিছতো ঠিকাদাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰনৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ ফলত ৰাইজে লেতেৰা বোকাময় পানী কৰিব লগা হৈছে সেৱন । স্থানীয় বিধায়ক তথা বিভাগীয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱালৈ সোনকালে স্বাস্থ্যৰ বাবে উপযোগী পানী যোগান ধৰিবলৈ আহ্বান ৰাইজৰ ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.